NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেমিক বিচাৰি বিজ্ঞাপন সুন্দৰী যুৱতীৰ; ২৪ ঘন্টাত জমা পৰিল ৩ হাজাৰ আবেদন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 7, 2023 3:45 pm

প্ৰেমিক বিচাৰি বিজ্ঞাপন দিছিল ডাচ সুন্দৰী ভেৰা ডেকমেন্সে। ২৩ বছৰীয়া ভেৰা ডেকমেন্সৰ আগতে কেতিয়াও কোনো প্ৰেমৰ সম্পৰ্ক নাছিল।

এইবাৰ তেওঁ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। কিন্তু মনে বিচৰা এজন প্ৰেমিক বিচাৰি তেওঁ বিজ্ঞাপন দিলে। যিয়ে তেওঁৰ প্ৰেমিক হ’ব বিচাৰে, সেইজনে নিৰ্ধাৰিত আবেদন পত্ৰখন পূৰণ কৰি পঠিয়াব লাগিব। ২৪ ঘন্টাত ৩০০০ প্ৰাৰ্থীয়ে আবেদন পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰে।

লগতে পঢ়ক: যাত্ৰাপথত চেলফি ল’লে ভাৰতৰ সৌৰযান আদিত্য এল-১য়ে; কেমেৰাত বন্দী চন্দ্ৰ আৰু পৃথিৱীৰ ছবি

ডেকমেন্সে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টিকটকত এটা ভিডিঅ’ পোষ্ট কৰে। সেই ভিডিঅ’টোত তেওঁ প্ৰেমিক হ’বলৈ আগ্ৰহীসকলৰ বাবে নিৰ্ধাৰিত আবেদন পত্ৰখন দেখুৱাইছিল। তাত তেওঁ প্ৰাৰ্থীসকলক তেওঁলোকৰ কৰ্ম আৰু প্ৰেমৰ ইতিহাসৰ বিষয়ে ধাৰাবাহিকভাৱে প্ৰশ্ন দাঙি ধৰিছে।

বৰ্তমান ডেকমেন্স লণ্ডনত থাকে। তেওঁ কয়, ‘কিছুমানে ভাবে যে মই এজন প্ৰেমিক নিৰ্বাচনৰ বাবে আবেদন বিচাৰিছো – ই এক আচহুৱা কথা। কিন্তু সামগ্ৰিকভাৱে বহু প্ৰাৰ্থীয়ে ইয়াৰ প্ৰতি ইতিবাচক সঁহাৰি দেখুৱাইছে।‘

লগতে পঢ়ক: মিলিও নিমিলিল! কি কাৰণে ঘৰ ভাঙিল তাৰকা দম্পতি জো-ছোফিৰ?

এই যুৱতীগৰাকীয়ে কয়, ‘২০২৩ চনত ডেটিং কৰাটো কঠিন। গতিকে মই এতিয়াই জানিব বিচাৰিছো, মোৰ বাবে ভাল প্ৰেমিক বা উপযুক্ত প্ৰেমিক কোন হ’ব পাৰে। কিমান আৱেদন পাইছো হিচাপ কৰাটো টান। কিন্তু ইমানখিনি ক’ব পাৰো, মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় তিনি হাজাৰ আৱেদন পাইছো।‘