NORTHEAST NOW (Assamese)
অসম

হিন্দু বাংলাদেশীক দিয়া প্ৰতিশ্ৰুতি পালনৰ ব্যৰ্থতা? বিধানসভাৰ উপাধ্যক্ষ পদ ত্যাগ দিলীপ পালৰ

Posted by: এন ই নাও নিউজ May 8, 2018 5:56 pm
DilipPaul_Image

দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বাবে বাৰম্বাৰ কৰা অনুৰোধে কাম নিদিয়াৰ পিছত আজি অসম বিধানসভাৰ অধ্যক্ষ পদৰ পৰা নিজেই পদত্যাগ কৰে বিধায়ক দিলীপ পালে। আজি তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আৰু বিধানসভাৰ অধ্যক্ষলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। তাৰ পিছতে তেওঁ নিজৰ ফেইচবুক ৱালত এই খবৰ ৰাজহুৱা কৰি কয় যে তেওঁ নিজকে বন্দিত্বৰ পৰা মুক্তি পোৱা যেন অনুভৱ কৰিছে।

DilipPaul
উপাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি স্বস্তি প্ৰকাশ কৰি দিলীপ পালে দিয়া পোষ্টটো। উৎস : ফেইচবুক।

উল্লেখযোগ্য যে শিলচৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপিৰ বিধায়কজনে বিগত বিধানসভাৰ নিৰ্বাচনী বৈতৰণী পাৰ হৈছিল হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ হকে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিৰে। কিন্তু সেই প্ৰতিশ্ৰুতি মতে, কাম কৰিব পাৰিলে নে নোৱাৰিলে, সেই কথালৈ নগৈ, আজি বৰাকত হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কত যুটীয়া সংসদীয় কমিটিৰ শুনানি চলি থকাৰ মাজতে বিধায়কজনে পদত্যাগ কৰাটোৱে তাৎপৰ্য্য বহন কৰিছে। তেওঁ গুৰুত্বপূৰ্ণ সময়ত সকলো প্ৰতিশ্ৰুতি তথা দায়িত্বৰ পৰা মূৰ পোলোকা মাৰিছে নেকি বুলিও প্ৰশ্ন কৰিছে সমষ্টিবাসীৰ ৰাইজে?

মন কৰিব লগীয়া যে তেওঁক ২০১৬ মে’ৰ ৩ জুনৰ পৰা বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল যদিও দায়িত্ব পোৱাৰ দুমাহ মানৰ পৰাই নিজৰ দায়িত্বৰ পৰা ৰেহাই দিবলৈ মুখ্য মন্ত্ৰীক লিখিতভাৱে অনুৰোধ জনাই আহিছিল।

একাধিকবাৰ তেওঁ মুখ্য মন্ত্ৰীলৈ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ চিঠি লিখিছল। প্ৰথমখন চিঠি লিখিছিল ২০১৭-ৰ আগষ্টৰ ৮ তাৰিখে। তাৰ পিছত আকৌ সেই বছৰৰে ২০ অক্টোবৰত লিখিছল। তাৰ পিছত আকৌ এই বছৰৰ ৭ এপ্ৰিলত একেই অনুৰোধেৰে চিঠি লিখে। একে তাৰিখতে অধ্যক্ষলৈও চিঠি লিখিছিল।

তাৰ পাছত আজি পদত্যাগ কৰি এইদৰে নিজৰ স্বস্তি প্ৰকাশ কৰিছে বিধায়কজনে। বিধায়কজনে নিজৰ ছ’চিয়েল মিডিয়াত দিয়া পোষ্টত উল্লেখ কৰামতে, তেওঁ দায়িত্বটোৰ সৈতে খাপ খাব পৰা নাছিল আৰু ই তেওঁক অসুবিধা দি আছিল। উশাহ বন্ধ হোৱাৰ দৰে লাগিছিল। আজি মুক্ত অনুভৱ হৈছে।

আনহাতে, তেওঁ আৰক্ষী সঞ্চালক প্ৰধানলৈও আজি পত্ৰ প্ৰেৰণ কৰি তেওঁক বিধায়কৰ আৱাস দিবলৈ অনুৰোধ জনায়। তেওঁৰ উপাধ্যক্ষ হিচাপে যিবোৰ সা-সুবিধা আছিল, নিৰাপত্তাৰক্ষীকে ধৰি, সেইবোৰ প্ৰত্যাহাৰ কৰিবলৈ কয়। গুৱাহাটী আৰু শিলচৰ দুয়ো ঠাইৰ বাসভৱনৰ পৰাই তেওঁ এইবোৰ প্ৰত্যাহাৰ কৰিবলৈ কয়।

Sarbananda Sonowal
দিলীপ পালে মুখ্য মন্ত্ৰীলৈ দিয়া পদত্যাগপত্ৰখন।