NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

জঘন্য! ঘৰৰ ভিতৰতে পতি-পত্নী, দুই সন্তানক গুলীয়াই হত্যা দুৰ্বৃত্তৰ: ৰক্ষা নহ’ল ৩ টা কুকুৰৰো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2023 11:58 am
Chicago murder

এক জঘন্য হত্যাকাণ্ডই জোকাৰি তুলিছে আমেৰিকান চহৰ চিকাগো। চহৰখনৰ এটা বাসগৃহত অজ্ঞাত আততায়ীয়ে গুলীয়াই হত্যা কৰিছে এটা পৰিয়ালক। আততায়ীয়ে আনকি হত্যা কৰে পৰিয়ালটোৰ ঘৰৰ তিনিটা কুকুৰকো।

আততায়ীয়ে বৰ্বৰতাৰে দম্পতীহালৰ লগতে তেওঁলোকৰ দুই সন্তানকো গুলীয়াই হত্যা কৰে। প্ৰকাশিত খবৰ অনুসৰি, দেওবাৰে নিশা প্ৰায় ৮.৪০ বজাত এক কল্যাণমূলক পৰীক্ষাৰ বাবে পৰিয়ালটোৰ ঘৰত উপস্থিত হৈছিল ৰোমিঅ’ভিল আৰক্ষী।

আৰক্ষীৰ দলটো দম্পতীহালৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে উদ্ধাৰ কৰে মৃতদেহ কেইটা। পৰিয়ালটোক শনিবাৰে নিশাৰ পৰা দেওবাৰৰ পুৱাৰ ভিতৰত হত্যা কৰা বুলি ৰোমিঅ’ভিল আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

নিহত দম্পতীহালৰ নাম আলবাৰ্টো ৰ’লন, জোৰাইডা বাৰ্ট’লমেই আৰু তেওঁলোকৰ দুটি সন্তান ক্ৰমে ১০ বছৰীয়া এড্ৰিয়েল আৰু ৭ বছৰীয়া ডিয়েগোৰ লগতে তিনিটা কুকুৰক গুলীয়াই হত্যা কৰা বুলি আৰক্ষীয়ে সদৰী কৰে।

আৰক্ষীয়ে এই ঘটনাক আত্মহত্যা হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে আৰু হত্যাকাণ্ড হিচাপেই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত এইপৰ্যন্ত কোনো সন্দেহজনক অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিছে।