NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ তিনি ঠাইত নতুনকৈ নিৰ্মাণ কৰা হ’ব তিনিখন ফ্লাই অ’ভাৰ

Posted by: এন ই নাও নিউজ May 9, 2018 8:41 am
-flyover-759

উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা গাড়ী মটৰৰ সংখ্যা আৰু অসংখ্য জনসমাগমে তীব্ৰ যান-জঁটৰ সৃষ্টি কৰি তোলে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ঘোষণা কৰি কয় যে তীব্ৰ হাৰত বৃদ্ধি পোৱা যান-জঁট সমস্যা সমাধানৰ বাবে গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা হ’ব তিনিখন নতুন ফ্লাই অ’ভাৰ ।

এটা সূত্ৰৰ পৰা জানিব পৰা মতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সোণোৱাল চৰকাৰে অতি শীঘ্ৰে গুৱাহাটীত তিনিখন ফ্লাই অ’ভাৰেৰে সংযোজন কৰাৰ কথা ভাবি আছে। আৰু এই তিনিখন সেতুৰে ফটাশিল আমবাৰী, জি এন আৰ চি আৰু গণেশগুৰিক সংলগ্ন কৰাৰ চিন্তা চৰ্চা কৰি আছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

himanta

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ অতিশয় প্ৰভাৱশালী মন্ত্ৰী ড০ শৰ্মাই মঙলবাৰে কৰা তিনিখন নতুন ফ্লাই অ’ভাৰৰ ঘোষণাই স্বাভাৱিকতে মহানগৰীবাসীৰ বাবে এক সুখবৰ।

ইয়াৰ বিপৰীতে যোৱা বছৰৰে বাজেটত ঘোষণা কৰা অনুযায়ী গুৱাহাটীৰ আৰ জি বৰুৱা ৰ’ডত আৰু গণেশগুৰিত যান-জঁট নিয়ন্ত্ৰণ কৰাৰ বাবে জু ৰোডৰ পৰা গণেশগুৰিৰ ফ্লাই অ’ভাৰৰ লগত সংলগ্ন কৰি গণেশ মন্দিৰলৈ এখন ফ্লাই অ’ভাৰ নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। কিন্তু আজি পৰ্যন্ত সেই প্ৰস্তাৱ প্ৰস্তাৱ হৈয়ে থাকিল।

পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।