NORTHEAST NOW (Assamese)
Popular Stories

‘ইণ্ডিয়া’ জোঁটত প্ৰতিশ্ৰুতিৱদ্ধ আম আদমী পাৰ্টি, কিয় স্পষ্টীকৰণ দিবলগা হ’ল কেজৰিৱালে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2023 5:59 pm

কংগ্ৰেছৰ এগৰাকী বিধায়কক গ্ৰেপ্তাৰ কৰাৰ পিছতে বৃদ্ধি পাইছে আপ-কংগ্ৰেছৰ বিভাজন। ‘ইণ্ডিয়া’ জোঁটৰ মিত্ৰতাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ। পঞ্জাৱৰ হোৱা এই বিবাদৰ বাবে ‘ইণ্ডিয়া’ জোঁটে মিত্ৰতা ভংগ কৰিব পাৰে বুলি বহুতে আশংকা প্ৰকাশ কৰিছে। 

মিত্ৰতাৰ অনিশ্চয়তাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মৌনতা ভংগ কৰে। তেওঁ কয় যে আম আদমী পাৰ্টি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ।

পঞ্জাৱ কংগ্ৰেছৰ বিধায়ক সুখপাল সিং খেইৰাক বৃহস্পতিবাৰে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত আপ আৰু কংগ্ৰেছৰ মাজত তীব্ৰ যুঁজ আৰম্ভ হয়। পঞ্জাৱৰ কংগ্ৰেছ নেতাসকলে অভিযোগ কৰে যে বিজেপিৰ দৰে আম আদমী পাৰ্টিয়েও প্ৰতিশোধৰ ৰাজনীতি কৰিছে। সেইবাবেই খেইৰাক আঠ বছৰীয়া পুৰণি ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও কংগ্ৰেছৰ অ’ পি ছোনী, ভাৰত ভূষণৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। আনহাতে এই অভিযোগ অস্বীকাৰ কৰিছে আম আদমী পাৰ্টিয়ে ।

ইয়াৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ কেন্দ্ৰীয়  সভাপতি মল্লিকাৰ্জুন খৰ্গেই বৃহস্পতিবাৰে কয়, ‘কোনোবাই আমাৰ লগত অন্যায় কৰিলে আমি সহ্য নকৰোঁ। যদি কোনোবাই অন্যায় কৰে তেন্তে সেয়া সহ্য কৰা নহ’ব। অৱশ্যে এই গোচৰৰ সবিশেষ মই নাজানো। আৰক্ষীৰ পৰা সবিশেষ পাম। কিন্তু মই ক’ব বিচাৰিছো যে আমি ড্ৰাগছৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছো। আমি ড্ৰাগছৰ আসক্তি শেষ কৰিবলৈ বদ্ধপৰিকৰ।”

প্ৰসংগক্ৰমে শেহতীয়াকৈ পঞ্জাৱত ইণ্ডিয়া এলায়েন্সৰ আসন ভাগ-বতৰা সম্পৰ্কে আপ-কংগ্ৰেছৰ মাজত হোৱা কন্দলৰ খবৰ পোহৰলৈ আহিছে।