NORTHEAST NOW (Assamese)
অসম

 মালিগাঁও আৰু পাণ্ডুৰ পৰা উদ্ধাৰ ১১ জন শিশু শ্ৰমিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2023 5:56 pm

গুৱাহাটীৰ মালিগাঁও আৰু পাণ্ডুৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মঙলবাৰে অভিযান চলাই ১১ জন শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়।

সূত্ৰ অনুসৰি জিলা টাস্ক ফ’ৰ্চে জালুকবাৰী আৰক্ষীৰ সহযোগত মালিগাঁও আৰু পাণ্ডু অঞ্চলত শিশু শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান চলায়।

এই অভিযানৰ সময়ত জিলা টাস্ক ফ’ৰ্চে কেইবাদিনো কম মজুৰিত কাম কৰি থকা বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে জুলাই মাহত গুৱাহাটী মহানগৰীৰ ঘোঁৰামৰা অঞ্চলৰ এটা আৱাসিক গৃহৰ পৰা এজন শিশু শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল।  

ভুক্তভোগীৰ মাতৃৰ অভিযোগৰ ভিত্তিত চাইল্ড লাইন আৰু বশিষ্ট  আৰক্ষীয়ে ঘোঁৰামৰা অঞ্চলত অভিযান এটা আৱাস গৃহৰ পৰা শিশুটিক উদ্ধাৰ কৰে। 

সূত্ৰই জনোৱা মতে, পূৰবী নামৰ এগৰাকী মহিলাই এন জি অ’ত চাকৰি দিয়াৰ অজুহাতত ওদালগুৰিৰ পৰা নাবালকটি ক্ৰয় লৈ গৈছিল।