NORTHEAST NOW (Assamese)
Popular Stories

১২৪৭ কিলোগ্ৰাম! এইবাৰ বিশ্ব ৰেকৰ্ড গঢ়িলে এটা ৰঙালাৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 11, 2023 12:46 pm

আপুনি বিশ্বাস কৰকেই বা নকৰক। এইটো এটা ৰঙালাও। দেখিলেই চকু কপালত উঠিছে আপোনাৰ। বিশ্বৰ সৰ্ববৃহৎ ৰঙালাও হিচাপে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এই ৰঙলাওটোৱে।

এই ৰঙালাওটোৰ নাম দিয়া হৈছে মাইকেল জৰ্ডান।  ২৭৪৯ পাউণ্ড অৰ্থাৎ ১২৪৭ কিলোগ্ৰাম ওজনৰ বাবে বিশ্ব  অভিলেখ গঢ়িবলৈ সক্ষম হৈছে মাইকেল জৰ্ডানে। 

মাইকেলৰ খেতিয়ক ট্ৰেভিছ জেয়েঞ্জাৰে মাইকেলৰ এই অভিলেখৰ বাবে লাভ কৰিছে ৩০ হাজাৰ ডলাৰ মূল্য। ট্ৰেভিছ জেয়েঞ্জাৰ হৈছে মিনেছ’টাৰ উদ্যান শস্যৰ এজন কৃষই বিভাগৰ শিক্ষক। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৬৫৫ পাউণ্ডৰ এটা ৰঙালাওৰ হাতত আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ ৰঙালাও হোৱাৰ ৰেকৰ্ড। কিন্তু এই ৰেকৰ্ড ভংগ কৰি শেহতীয়াকৈ মাইকেল জৰ্ডান হৈ পৰিছে বিশ্বৰ সৰ্ববৃহৎ ৰঙালাও। 

কেলিফৰ্ণিয়াত অনুষ্ঠিত হোৱা World Championship Pumpkin Weigh-Off ত অংশ লৈ ট্ৰেভিছ জেয়েঞ্জাৰে উৎসাহেৰে কয় যে তেওঁ এই ৰঙালাওটো ডাঙৰ কৰিবলৈ তেওঁ যথেষ্ট কষ্ট কৰিছিল আৰু ৰঙালাও জোপাৰ গুৰিত দৈনিক ১২ বাৰকৈ সাৰ-পানী যোগান ধৰিছিল। 

মিষ্টাৰ জিঞ্জাৰে যোৱা ১০ এপ্ৰিলত মিনেছ’টাত শস্য উদ্যানত মাইকেল জৰ্ডানক ৰোপণ কৰিছিল আৰু ইয়াৰ পৰিচৰ্যাত প্ৰায় ১৫ হাজাৰ ডলাৰ ব্যয় কৰিছিল। 

যোৱা সপ্তাহত তেওঁ মাইকেলক প্ৰতিযোগিতাৰ বাবে কেলিফৰ্ণিয়ালৈ লৈ গৈছিল। কিশোৰ অৱস্থাৰ পৰাই ৰঙালাও খেতি কৰি জেয়েঞ্জাৰে এতিয়ালৈকে তিনিবাৰকৈ চেম্পিয়নশ্বিপ লাভ কৰিছে।

লগতে পঢ়কঃ সৰু-সুৰা কামতেই লাখ টকাৰ দৰমহা! কিয় হাজাৰ হাজাৰ ভাৰতীয় যায় ইজৰাইললৈ?

লগতে পঢ়কঃ ইন্দ্ৰাণী তহবিলদাৰ মৃত্যু : মহানগৰ আৰক্ষীয়ে দাখিল কৰিলে ১২০০ পৃষ্ঠাৰ অভিযোগনামা

লগতে পঢ়কঃ ৰাতিপুৱাই খাওঁক গৰম পানী, আছে অনেক উপকাৰিতা