• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰু-সুৰা কামতেই লাখ টকাৰ দৰমহা! কিয় হাজাৰ হাজাৰ ভাৰতীয় যায় ইজৰাইললৈ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 10:09 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ত পৰা নাই পেলেষ্টাইন-ইজৰাইলৰ মাজত সংঘাত। মঙলবাৰে নিশাও ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিছে পেলেষ্টাইনৰ হামাছ বাহিনীয়ে। 

ইতিমধ্যে দুয়োপক্ষৰ হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। দুয়োপক্ষৰ এই গোলাবৰ্ষণত আৱদ্ধ হৈ পৰিছে প্ৰায় ১৮ হাজাৰ ভাৰতীয় নাগৰিক। 

ভাৰতীয় দূতাবাসে জনাইছে যে বৰ্তমান প্ৰায় ১৮ হাজাৰ ভাৰতীয় ইজৰাইলত আবদ্ধ হৈ আছে। দূতাবাসৰ দ্বাৰা সময়ে সময়ে তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। 

কিন্তু, এই দুখন দেশৰ ভাৰতীয়সকল আচলতে সুৰক্ষিত নেকি? ক’ত লুকাই আছে তেওঁলোক? কেন্দ্ৰীয় চৰকাৰে কি কয়? হাজাৰ হাজাৰ ভাৰতীয় নাগৰিক কিয় ইজৰাইললৈ গুচি যায়? বৈদেশিক কাৰ্যালয়ৰ সূত্ৰ অনুসৰি ইজৰাইলত বসবাস কৰা বৃহৎ সংখ্যক ভাৰতীয়ই তাত থকা বৃদ্ধসকলক চোৱা-চিতা কৰাৰ কাম কৰে। সেই দেশত বসবাস কৰা ১৮,০০০ ভাৰতীয়ৰ ভিতৰত প্ৰায় ১৪,০০০ লোক এই বৃত্তিৰ সৈতে জড়িত। বাকীসকলৰ অধিকাংশই ছাত্ৰ-ছাত্ৰী আৰু আই টি খণ্ডত কাম কৰে। তেওঁলোকৰ সংখ্যাও কেইবা হাজাৰ। তাৰোপৰি হীৰা আৰু বিভিন্ন ব্যৱসায়ৰ লগত জড়িত বহু ভাৰতীয় ইজৰাইলত আছে। ইয়াৰ উপৰিও ইজৰাইলত ভাৰতীয় মূলৰ প্ৰায় ৮৫,০০০ ইহুদী বাস কৰে।

Apply Now

ইমানবোৰ ভাৰতীয় কিয় ইজৰাইললৈ যায়? আকৰ্ষণ কি? বৃদ্ধ লোকৰ যত্ন ল’বলৈ কি কি অৰ্হতাৰ প্ৰয়োজন? কিমান দৰমহা পায় তেওঁলোকে?  

উল্লেখ্য যে, পশ্চিমীয়া দেশত নাৰ্চিংৰ দৰে বৃত্তিত ভাৰতীয়সকলৰ বাবে বিপুল সুযোগ আছে। ইজৰাইলত নাৰ্চিঙৰ দৰমহা বিশেষভাৱে আকৰ্ষণীয়। ইয়াৰ উপৰিও আন আন সুবিধাও উপলব্ধ, যাৰ তুলনা আন দেশৰ লগত কৰিব নোৱাৰি। গতিকে বহু ভাৰতীয়ই জীৱিকাৰ সন্ধানত ইজৰাইললৈ যাবলৈ পছন্দ কৰে।

ইজৰাইলত বৃদ্ধলোকৰ যত্নৰ লোৱাৰ কামৰ বাবে মাহে নূন্যতম ১.২৫ লাখ দৰমহা প্ৰদান কৰা হয়। তদুপৰি থকা-খোৱাৰ লগতে চিকিৎসাও বিনামূলীয়াকৈ পোৱা যায়। অতিৰিক্ত সময় কাম কৰিলে অতিৰিক্ত ধন দিয়া হয়।। তদুপৰি শুকুৰবাৰে দুপৰীয়াৰ পৰা শনিবাৰে বিয়লিলৈকে বন্ধও পায়। এই কাৰণেই ইজৰাইলত বহু ভাৰতীয়ই এই বৃত্তি বাছি লয়।

সাধাৰণতে কেয়াৰগিভাৰ বা পৰিচৰ্যাকাৰীৰ বাবে ভিছা চাৰি বছৰ তিনিমাহৰ বাবে দিয়া হয়। ইয়াৰ পিছত ভিছাৰ ম্যাদ বৃদ্ধি কৰিব পাৰি। বৃদ্ধসকলক চোৱা-চিতা কৰাসকল বেছিভাগেই নাৰ্চিং হোমৰ সৈতে জড়িত। অৱশ্যে ৰোগী বা বৃদ্ধ লোকৰ ঘৰত সেৱা আগবঢ়োৱা সকলে অতিৰিক্ত সুবিধা লাভ কৰে। গ্ৰাহকৰ মৃত্যু হ’লে নতুন নিয়োগকৰ্তা বিচাৰি পোৱা যায়। বছৰত এবাৰ ঘৰলৈ যাবৰ বাবে ছুটীও পোৱা যায়।

পৰিচৰ্যা প্ৰদান  কৰা ব্যক্তিৰ চাকৰিৰ বাবে কি কি অৰ্হতাৰ প্ৰয়োজন?

বহু দেশত নাৰ্চিঙৰ বাবে স্নাতক ডিগ্ৰীৰ প্ৰয়োজন হ’লেও ইজৰাইলত নহয়। ইজৰাইলত নাৰ্চৰ চাকৰিৰ বাবে আবেদন কৰাৰ একমাত্ৰ উপায় হৈছে এ এন এম (এচিষ্টেণ্ট নাৰ্চিং – মিডৱাইফাৰী) বা জি এন এম (জেনেৰেল নাৰ্চিং – মিডৱাইফাৰী) পাঠ্যক্ৰম। ইয়াৰ উপৰিও হিব্ৰু ভাষা শিকিবলৈ এমাহৰ পাঠ্যক্ৰমৰ প্ৰয়োজন। আন বহু দেশত এই কামবোৰৰ বাবে প্ৰায়ে ইংৰাজী ভাষাৰ কঠিন পৰীক্ষাৰ প্ৰয়োজন হয়। কিন্তু ইজৰাইলত ইয়াৰ প্ৰয়োজন নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd