NORTHEAST NOW (Assamese)
অসম

দাও ডিভিজনৰ পৃষ্ঠপোষকতাত সাপেখাতী সেনা চাউনীৰ দ্বাৰা আয়োজিত বিনামূলীয়া চিকিৎসা শিবিৰ

Posted by: অক্ষয় প্ৰণব কলিতা May 9, 2018 7:05 pm
Army organizes free medical camp

বুধবাৰে ভাৰতীয় সেনা বাহিনীৰ দাও ডিভিজনৰ পৃষ্ঠপোষকতাত সাপেকাতী সেনা চাউনীয়ে চৰাইদেউ জিলাৰ হোলোংমাৰা গাঁও আৰু ইয়াৰ আশ-পাশৰ এলেকাসমূহৰ স্থানীয় অধিবাসীসকলৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছে।

সাপেখাতী সেনা চাউনীৰ চিকিৎসা বিষয়াই চিকিৎসা শিবিৰত উপস্থিত থাকি প্ৰায় ৩০০ ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকক ঔষধ-পাতি প্ৰদান কৰে।

সেনা বাহিনীৰ এই উদ্যোগক স্থানীয় অধিবাসীসকলে ভূয়সী প্ৰশংসা কৰিছে।