NORTHEAST NOW (Assamese)
অৰুণাচল

পিতৃয়ে বিক্ৰী কৰি দিলে নিজৰ ১৩ বছৰীয়া পুত্ৰ সন্তানক, অৱশেষত উদ্ধাৰ অৰুণাচলত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 11, 2023 3:30 pm

ধনৰ লোভত এজন পিতৃয়ে নিকৃষ্টভাবে নিজৰ ১৩ বছৰীয়া পুত্ৰ সন্তানক অৰুণাচল প্ৰদেশৰ এজন ব্যক্তিক ৩৫ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে। 

লখিমপুৰ জিলাৰ ঘিলামৰা থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা। 

সূত্ৰৰ পৰা জানিব পৰা মতে, দীপজ্যোতি গগৈ ওৰফে প্ৰসন্ন গগৈ নামৰ ৩৫ বছৰীয়া পিতৃয়ে স্বীকাৰোক্তি দিছে যে তেওঁ সন্তানটোক তেওঁ মাতৃৰ ওচৰৰ পৰা ককায়েকৰ ওচৰলৈ নিম বুলি মিছা কথা কৈ অৰুণাচলত বিক্ৰী কৰিবলৈ লৈ গৈছিল। 

উল্লেখ্য যে নিজৰ সন্তানক বিক্ৰী কৰাৰ চাৰিদিন পিছত যোৱা দেওবাৰে অভিযুক্তই নিজৰ ঘৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে তেওঁক আটক কৰি ঘিলামৰা আৰক্ষীক গতাই দিয়ে।

এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতেই নাবালকটিৰ সন্ধানত আৰক্ষীয়ে অভিযান চলায়।

মঙলবাৰে নিশা আৰক্ষীয়ে সফলতাৰে অৰুণাচল প্ৰদেশৰ পৰা নাবালকটিক উদ্ধাৰ কৰে।