NORTHEAST NOW (Assamese)
অসম

বটদ্ৰৱা থানা কাণ্ড: লীনা দলেসহ ১৭ আৰক্ষীক তলব ৰাজ্যিক গৃহ আৰু ৰাজনৈতিক বিভাগৰ

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 12, 2023 8:35 pm

২০২২ চনৰ বটদ্ৰৱা থানা কাণ্ড জ্বলাই দিয়া ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে তলব কৰিছে তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেসহ ১৭ জনকৈ আৰক্ষীক।

এই নিৰ্দেশ অনুসৰি ইতিমধ্যে অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকত উপস্থিত হৈছে তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, নিৰুপম হাজৰিকা, তদানীন্তন উপ-আৰক্ষী অধীক্ষক তৃদ্বীপ প্ৰতীম কুম্বাল, দিপ্তী মালী, দুৰ্ভল চন্দ্ৰ দাস, কলিয়াবৰৰ তদানীন্তন এচ ডি পি অ মৃন্ময় দাস সহ ১৭ জনকৈ আৰক্ষী।

২০২২ চনৰ ২১ মে’ত তাৰিখে বটদ্ৰৱা থানাৰ জিম্মাত হাল্লাবৰীৰ চফিকুল ইছলাম নামৰ যুৱক জনৰ ৰহস্যজনকভাৱে মৃত্যুৰ পিছতেই দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল বটদ্ৰৱা থানা।

এই ঘটনাৰ তদন্তৰ সন্দৰ্ভত এজনীয়া তদন্ত সমিতিৰ ওচৰত বৃহস্পতিবাৰে হাজিৰ হৈছে আৰক্ষীসকল।