NORTHEAST NOW (Assamese)
Popular Stories

Cricket In 2028 Olympics: বিশ্বকাপৰ মাজতে সুখবৰ; অলিম্পিকত পুনৰ দেখা যাব ক্ৰিকেট! গৃহীত প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2023 8:22 am

বিশ্বকাপৰ মাজতে ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক সুখবৰ। ১২৮ বছৰৰ পাছত ক্ৰিকেট অলিম্পিকলৈ ঘূৰি অহাৰ সম্ভাৱনা বাস্তৱত পৰিণত হ’বলৈ ওলাইছে। শুকুৰবাৰে মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ কাৰ্যবাহী ব’ৰ্ডৰ বৈঠকে এই সিদ্ধান্ত চূড়ান্ত কৰে। দৰাচলতে আই অ’ চিয়ে ক্ৰিকেটক লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ মানি লৈছে।

যিহেতু এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, গতিকে অহা সোমবাৰে ক্ৰিকেটে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক পৰিষদৰ সদস্য দেশসমূহৰ সংখ্যাগৰিষ্ঠ ভোট লাভ কৰিলে ২০২৮ চনত লছ এঞ্জেলছ অলিম্পিকত দেখা যাব ক্ৰিকেটৰ যুঁজখন। মন কৰিবলগীয়া যে ক্ৰিকেট নিৰ্বাচনত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা বেছি।

লগতে পঢ়কঃ ভাগ্যই কৰিলে কোটিপতি; কৰ্মক্ষেত্ৰই আনিছে অশনি সংকেত: চিন্তিত আৰক্ষী বিষয়া

দীৰ্ঘদিন ধৰি আইচিচিয়ে ক্ৰিকেটক অলিম্পিক ক্ৰীড়া হিচাপে উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰি আহিছে। অৱশেষত তেওঁলোকৰ এই প্ৰচেষ্টাই সফলতা লাভ কৰিবলৈ ওলাইছে। ইতিমধ্যে এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত ক্ৰিকেট দেখা গৈছে। ২০২৮ চনত ক্ৰিকেটাৰসকলেও অলিম্পিয়ানৰ মৰ্যাদা লাভ কৰিব নে নাই, তাৰ বাবে আৰু অলপ সময় অপেক্ষা কৰিব লাগিব।

শুকুৰবাৰে বৈঠকৰ শেষত আই অ’ চিৰ সভাপতি থমাছ বাচে ঘোষণা কৰে যে ২০২৮ চনৰ অলিম্পিকত টি-২০ ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ বাবে লছ এঞ্জেলছ গেমছৰ আয়োজক সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে। ক্ৰিকেটৰ বাহিৰেও লছ এঞ্জেলছ গেমছত স্কোয়াছকে ধৰি মুঠ ৫টা নতুন খেল দেখা যাব। ক্ৰিকেট আৰু স্কোয়াছৰ লগতে বেছবল/চফটবল, ফ্লেগ ফুটবল আৰু লেক্ৰছৰ বাবেও আয়োজক সমিতিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে আই অ’ চিয়ে।

উল্লেখ্য যে এতিয়ালৈকে অলিম্পিকত ক্ৰিকেট এবাৰহে খেলা হৈছিল। ১৯০০ চনত পেৰিছ অলিম্পিক গেমছত গ্ৰেট বৃটেইন আৰু ফ্ৰান্সে ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। খেলখন কেৱল স্বৰ্ণ পদকৰ বাবেহে খেলা হৈছিল।

লগতে পঢ়কঃ বানপীড়িত ছিকিমলৈ ১ কোটি টকাৰ সাহায্য মেঘালয় চৰকাৰৰ

যদিও এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত কেইবাটাও দলে অংশগ্ৰহণ কৰিছিল, তথাপিও শীৰ্ষ স্থানত থকা ৰাষ্ট্ৰসমূহে কোৱাৰ্টাৰ ফাইনেলৰ পৰা পোনপটীয়াকৈ খেলপথাৰত প্ৰৱেশ কৰিছিল। পুৰুষ-মহিলাৰ টি-২০ ক্ৰিকেট লছ এঞ্জেলছত কমেও ৫টাকৈ দলক লৈ খেলা হব পাৰে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আইচিচিৰ ৰেংকিং অনুসৰি দল নিৰ্বাচন কৰা হব পাৰে।

এনে ক্ষেত্ৰত ইংলেণ্ডে গ্ৰেট ব্ৰিটেইন হিচাপে খেলত অংশগ্ৰহণ কৰিব লাগিব। যদিহে ৱেষ্ট ইণ্ডিজে যোগ্যতা অৰ্জন কৰে তেন্তে কেৰিবিয়ান দ্বীপপুঞ্জৰ কোনো এখন দেশে এই ইভেণ্টত খেলিব লাগিব। যোৱা কমনৱেলথ গেমছত তেওঁলোকৰ আঞ্চলিক টি-২০ চেম্পিয়ন দেশ বাৰ্বাডোছে ৱেষ্ট ইণ্ডিজৰ হৈ খেলপথাৰত নামিছিল।

অলিম্পিকত ক্ৰিকেট খেল হ’লে ভাৰত পদক প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত অন্যতম হৈ পৰিব। স্কোয়াছতো ভাৰতৰ পদক লাভৰ সম্ভাৱনা অতি উজ্জ্বল।