NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

যুদ্ধবিধ্বস্ত পেলেষ্টাইনলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিলে ভাৰতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2023 12:51 pm

ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা পেলেষ্টাইনলৈ সাহায্য প্ৰেৰণ কৰিছে ভাৰতে । ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে দেওবাৰে এক্সত এই কথা প্ৰকাশ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে এক্সত কয় যে ভাৰতে আই এ এফ চি-১৭ বিমানেৰে পেলেষ্টাইনলৈ ৬.৫ টন চিকিৎসা সামগ্ৰী আৰু ৩২ টন দুৰ্যোগ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। এই বিমানখন ইজিপ্তৰ এল-আৰিছ বিমানবন্দৰলৈ যাব।

তেওঁ আৰু জনায় যে এই সাহায্য সামগ্ৰীসমূহৰ ভিতৰত আছে বিভিন্ন জীৱন ৰক্ষাকাৰী ঔষধ, অস্ত্ৰোপচাৰৰ যন্ত্ৰ, তম্বু, শোৱা বেগ, ট্ৰিপলেট, খোৱাপানীৰ বাবে বীজাণুনাশক টেবলেট আৰু এই সময়ছোৱাৰ বাবে প্ৰয়োজনীয় অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।

মন কৰিবলগীয়া যে তিনিদিন পূৰ্বে গাজাত ইজৰাইলী বাহিনীয়ে আল আহিল হাস্পতালত বোমা বিস্ফোৰণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মহম্মদ আব্বাছৰ সৈতে ফোনযোগে যোগাযোগ কৰি কয় যে ভাৰতে পেলেষ্টাইনৰ জনসাধাৰণলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰি থাকিব। 

নৰেন্দ্ৰ মদীয়ে কয় যে সন্ত্ৰাসবাদ, হিংসা আৰু অঞ্চলটোৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ অৱনতিৰ বাবে আমি গভীৰভাৱে চিন্তিত। এনে ক্ষেত্ৰত ইজৰাইল-পেলেষ্টাইন বিষয়ত ভাৰতৰ দীৰ্ঘদিনীয়া নীতিগত স্থিতি পুনৰাবৃত্তি হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৭ অক্টোবৰত এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল, “ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পাই গভীৰভাৱে স্তম্ভিত। এই আক্ৰমণৰ নিৰীহ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি আছোঁ। এই কঠিন সময়ত আমি ইজৰাইলৰ সৈতে সংহতিৰে থিয় দিছো।’’

৭ অক্টোবৰৰ পৰা হামাছ আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা সংঘাতৰ ফলত এতিয়ালৈকে পেলেষ্টাইন আৰু ইজৰাইলত বহু হাজাৰ লোকৰ মৃত্যু হৈছে। চৰকাৰৰ তথ্য অনুসৰি ইতিমধ্যে এই সংখ্যা ৬ হাজাৰ অতিক্ৰম কৰিছে। ইজৰাইলৰ আক্ৰমণত পেলেষ্টাইনত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক।

উল্লেখ্য, শেহতীয়াকৈ প্ৰায় এক লাখ লোকে পেলেষ্টাইনত ইজৰাইলৰ আগ্ৰাসনৰ প্ৰতিবাদ আৰু দুয়োপক্ষৰ মাজত শত্ৰুতা শীঘ্ৰে বন্ধ কৰাৰ দাবীত লণ্ডনত এটি সমদল উলিয়াইছে।