NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ৰ খেতিপথাৰত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2019 6:25 pm
Elephant died at Dibrugarh

ডিব্ৰুগড় জিলাৰ খোৱাং সংমণ্ডলৰ লেজাই কলখোৱা অঞ্চলত সোমবাৰে এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়।

সোমবাৰে ৰাতিপুৱা খেতিপথাৰত বনৰীয়া হাতীটোৰ মৃতদেহ স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰে।

বৈদ্যুতিক তাঁৰত লাগিয়ে হাতীটোৰ মৃত্যু ঘটিছে বুলি স্থানীয় লোক সকলে সন্দেহ প্ৰকাশ কৰিছে।

জানিব পৰা মতে, দেওবাৰে নিশা দিহিং মেদলা সংৰক্ষিত বনাঞ্চলৰ পৰা ৪০-৫০ জনীয়া এটা হাতীৰ জাকে গাঁৱত প্ৰবেশ কৰি আতংকৰ সৃষ্টি কৰে।

‘‘হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত গাঁৱত নিশা প্ৰৱেশ কৰে, আমি ৰাতি শুব পৰা নাছিলো। বন বিভাগক এই সম্পৰ্কত অৱগত কৰাৰ পাছতো তেওঁলোকে প্ৰয়োজনীয় সৰঞ্জামৰ অভাৱৰ বাবে হাতীৰ জাকটোক খেদি পঠিওৱাত ব্যৰ্থ হৈছিল,’’ এগৰাকী স্থানীয় লোকৰ ভাষ্য।

বিগত মাহতো ডিব্ৰুগড়ৰ মধুপুৰ অঞ্চলত দুটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

উল্লেখযোগ্য যে, অঞ্চলটোত বিগত সময়ত বহু বনৰীয়া হাতীৰ বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হৈছে।

ইতিমধ্যে বন বিভাগে নিৰীহ বনৰীয়া হাতী হত্যাৰ ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।