NORTHEAST NOW (Assamese)
অসম

দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন নৰ্থইষ্ট নাওৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2024 6:07 pm
Republic Day

আজি সমগ্ৰ দেশেই উদযাপন কৰে ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস।

দেশৰ মূল আধাৰ সংবিধান গ্ৰহণৰ এই দিনটো নৰ্থইষ্ট নাওৰ কাৰ্যালয়তো উদযাপন কৰা হয়।

নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাজনৈতিক কৰ্মী প্ৰদ্যুৎ বৰাই তেওঁক সহযোগ কৰে।

নৰ্থইষ্ট নাওৰ স্বত্বাধিকাৰী দুদুল চৌধুৰীৰ লগতে আন কৰ্মচাৰীসকলো অনুষ্ঠানত উপস্থিত থাকে।

ইফালে ৰাজনৈতিক কৰ্মী প্ৰদ্যুৎ বৰায়ো অনুষ্ঠানটোত অংশগ্ৰহণ কৰি গণৰাজ্য দিৱসৰ তাৎপৰ্য সম্পৰ্কে মন্তব্য আগবঢ়ায়।