NORTHEAST NOW (Assamese)
দেশ

লোকসভাৰ অনুশাসন সমিতিৰ অশ্লীল প্ৰশ্নবাণ! দাবী সাংসদ মহুৱা মৈত্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 2, 2023 5:54 pm
Mahua Moitra

সংসদত প্ৰশ্ন কৰাৰ বিনিময়ত ২ কোটি টকাৰ উৎকোচ লোৱা বুলি উত্থাপিত অভিযোগৰ তদন্তৰ বাবে আজি লোকসভাৰ অনুশাসন সমিতিৰ সন্মুখত হাজিৰ হৈছিল তৃণমূল সাংসদ মহুৱা মৈত্ৰ।

এই সোধ-পোছৰ সময়ত অনুশাসন সমিতিয়ে অতি অশ্লীল প্ৰশ্নবাণ কৰিছিল বুলি বিস্ফোৰক দাবী কৰিছে তৃণমূল সাংসদগৰাকীয়ে।

আজি লোকসভাৰ অনুশাসন সমিতিৰ সন্মুখীন হৈ ধুমুহাৰ গতিৰে ওলাই অহাৰ সময়ত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয়, “তেওঁলোকে মোক অতি অশ্লীল প্ৰশ্ন কৰিছে।”

ইফালে বিৰোধী দলৰ সাংসদসকলেও দাবী কৰে যে পেনেলৰ মুৰব্বী বিজেপিৰ সাংসদ বিনোদ কুমাৰ সোণকাৰে তৃণমূল নেত্ৰীগৰাকীক বাৰে বাৰে ব্যক্তিগত প্ৰশ্ন কৰিছিল। লগতে ব্যৱসায়ী দৰ্শন হিৰণন্দনীৰ সৈতে তেওঁৰ সম্পৰ্কৰ সবিশেষ তথ্যও সোধা হৈছিল।

সূত্ৰৰ মতে, এই অশ্লীল প্ৰশ্নবোৰৰ কিছুমান আছিল এনেধৰণৰ— “২০২৩ চনত আপুনি হিৰণানন্দনীৰ সৈতে কিমানবাৰ যোগাযোগ কৰিছিল?”, “আপুনি কিমানবাৰ ডুবাই ভ্ৰমণ কৰিছিল?” আৰু “আপুনি ডুবাইত কোনখন হোটেলত থাকিছিল?”

বিৰোধী সাংসদসকলে দাবী কৰে যে সাংসদ মহুৱা মৈত্ৰই কিছুমান প্ৰশ্নৰ উত্তৰ দিছিল। ইফালে প্ৰশ্ন কৰিবলৈ উৎকোচ লোৱাৰ অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰিছে লোকসভাৰ সাংসদ মাহুৱা মৈত্ৰই।