NORTHEAST NOW (Assamese)
Popular Stories

টাইম আউট! ‘অপমানিত’ মেথিউছ; ছাকিবে ক’লে, “মই যেন যুদ্ধক্ষেত্ৰত আছিলো”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 7, 2023 7:47 am

বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ আৰু শ্ৰীলংকাৰ খেলখনৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল আন দেশৰ ক্ৰিকেটপ্ৰেমীসকলে। কিন্তু কোনে জানিছিল যে এই মেচখন ঐতিহাসিক হৈ পৰিব!

ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে টাইম আউট হৈছিল শ্ৰীলংকাৰ প্ৰবীণ অলৰাউণ্ডাৰ এঞ্জেলো মেথিউছ। ক্ৰীজলৈ আহিল, কিন্তু বল নেখেলাকৈয়ে খেলপথাৰ এৰিবলগীয়া হ’ল। ঘটনাটোৰ প্ৰভাৱ বহুদূৰলৈকে পৰিল।

খেলৰ অন্তত বাংলাদেশৰ অধিনায়কগৰাকীয়ে কয় যে তেওঁ যুদ্ধক্ষেত্ৰত আছিল। কেইবা মুহূৰ্তৰ ভিতৰতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি। খেলৰ শেষত দুয়োটা দলৰ ক্ৰিকেটাৰসকলে আনকি হাতো নিমিলালে। কি ক’লে ছাকিব আৰু মেথিউছে?

লগতে পঢ়কঃ ৰোহিত শৰ্মাৰ বিৰাট বন্দনা! ‘পৰিস্থিতি অনুযায়ী খেলিব বিৰাটে, সেইটোৱেইটো বিচাৰো…‘

শ্ৰীলংকাৰ বিৰুদ্ধে অনবদ্য ইনিংছ আৰু বলিঙৰ বাবে ছাকিব আল হাছানে মেন অৱ দ্য মেচৰ বঁটা লাভ কৰে। খেলৰ অন্তত তেওঁ কয়, ” ভাৱ হৈছিল মই যেন যুদ্ধক্ষেত্ৰত আছো। মই যি কৰিবলগীয়া আছিল তাকেই কৰিলোঁ। বিতৰ্ক অব্যাহত থাকিব। কিন্তু মোৰ এই সিদ্ধান্তই দলটোক উপকৃত কৰিছে বুলি স্বীকাৰ কৰাত কোনো বাধা নাই। আমাৰ এজন ফিল্ডাৰে আহি ক’লে, মই যদি আপীল কৰো তেন্তে মেথিউছ আউট হ’ব। আপীল কৰিলো। আম্পায়াৰে জানিব বিচাৰে যে মই সঁচাকৈয়ে সেইটো বিচাৰো নেকি। মই ক’লোঁ, নিয়মত যেতিয়া আছে, ব্যৱহাৰ কৰিব বিচাৰো। সঠিক নে ভুল এইটো জনা নাই।‘’

এই ঘটনাত আচৰিত হৈ পৰে শ্ৰীলংকাৰ অল ৰাউণ্ডাৰ মেথিউছ। মেথিউছে মন্তব্য কৰে যে ই অপমানজনক। মেচ শেষ হোৱাৰ পাছত তেওঁ কয়, “মই একো ভুল কৰা নাছিলো।” সাজু হ’বলৈ দুই মিনিট সময় আছিল। মই সাজু হৈছিলোঁ যদিও ক্ৰিকেটৰ সঁজুলিত এটা ত্ৰুটী আছিল। সাধাৰণ জ্ঞান ক’লৈ গ’ল মই বুজি পোৱা নাছিলো। ছাকিব আৰু বাংলাদেশ দলৰ অপমানজনক ঘটনা। যদি তেওঁলোকে এনেদৰে ক্ৰিকেট খেলে তেন্তে ক্ৰিকেটৰ বাবে ডাঙৰ ক্ষতি হ’ব। মই সাজু নহ’লে বেলেগ কথা হ’লহেঁতেন৷ বৰঞ্চ সময়ৰ পাঁচ চেকেণ্ড আগতেই সাজু হ’লোঁ৷ সকলো হেলমেটৰ বাবেই। সাধাৰণ জ্ঞানেৰেই ইয়াক বুজিব পাৰি।‘’

লগতে পঢ়কঃ হতাশ প্ৰাক্তন পাকিস্তানী তাৰকা! ভাৰতে বিশ্বকাপত চিটিংবাজী কৰি জিকি থকাৰ অভিযোগ; তদন্তৰ দাবী ICC-ক

শ্ৰীলংকাৰ অধিনায়ক কুশল মেণ্ডিছে অনুভৱ কৰে যে আম্পায়াৰে ‘ভাল সিদ্ধান্ত’ লোৱা উচিত আছিল। কুশলে তেওঁৰ দাবীৰ সপক্ষে বিভিন্ন যুক্তি আগবঢ়ায়। কুশলে লগতে ভাবে যে মেথিউছে বেটিং কৰিব পাৰিলে দলটোৱে আৰু কমেও ৩০-৪০ ৰান কৰিব পাৰিলেহেঁতেন।