NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশ জিকিল, ক্ৰিকেট হাৰিল! মেথিউছৰ টাইম আউটক লৈ সৰৱ ক্ৰিকেট জগত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 7, 2023 9:56 am

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইবাৰ প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে ‘টাইম আউট’ৰ ঘটনা। যদিও আউট বিধিগত আছিল, তথাপিও ইয়াৰ আগতে কেতিয়াও বেটছমেনৰ টাইম আউট হোৱা নাছিল।

শুকুৰবাৰে বাংলাদেশৰ বিৰুদ্ধে টাইম আউট হৈছিল এঞ্জেলো মেথিউছ। শ্ৰীলংকাৰ চতুৰ্থ উইকেট পতনৰ পিছত কিছু পলমকৈ খেলপথাৰলৈ আহিছিল শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰগৰাকী। তাৰ পিছত হেলমেট সম্পৰ্কীয় কিবা সমস্যাৰ বাবে তেওঁ নিৰ্দিষ্ট সময়ৰ ভিতৰত (খেলৰ পৰিস্থিতি অনুসৰি, যিটো দুমিনিট) ষ্ট্ৰাইক ল’ব নোৱাৰিলে। আৰু সেই সুযোগ ব্যৱহাৰ কৰি বাংলাদেশে এঞ্জেলো মেথিউছক আউট কৰে।

বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানে ‘টাইম আউট’ৰ বাবে আবেদন কৰিছিল। সেই আবেদন অনুসৰি মেথিউছক আউট দিয়া হৈছিল। মেথিউছে এটাও বল নেখেলাকৈয়ে ড্ৰেছিং ৰুমলৈ উভতি যাব লগা হ’ল। এই আউটকলৈ প্ৰশ্ন উত্থাপন হৈছে। বাংলাদেশৰ অধিনায়ক ছাকিবক ‘টাইম আউট’ৰ বাবে আবেদন কৰাৰ বাবে সমালোচনা কৰা হৈছে।

অৱশ্যে বহুতে ছাকিবৰ আচৰণত একো ভুল দেখা পোৱা নাই। কাৰণ ই ক্ৰিকেটৰ নিয়মত আছে। অৰ্থাৎ নন ষ্ট্ৰাইকাৰ এণ্ডত ৰান আউটৰ দৰে এই বিষয়টোও ক্ৰিকেটৰ নিয়মত আছে।

অষ্ট্ৰেলিয়াৰ উছমান খোৱাজাই এক্স-ত দাবী কৰে যে, ‘এঞ্জেলোৰ হেলমেটৰ ষ্ট্ৰেপ ক্ৰীজলৈ অহাৰ পিছত ভাঙি গ’ল। কেনেকৈ তেওঁ টাইম আউট হয়? যদি তেওঁ নিজৰ ক্ৰীজলৈ আহি ইচ্ছামতে সময় নষ্ট কৰে, তেন্তে টাইম আউট হ’ব পাৰে। কিন্তু হাস্যকৰ। ক্ৰীজলৈ অহাৰ পিছত বেটছমেনজনে বলৰ সন্মুখীন হ’বলৈ ৩ মিনিট সময় লয়।”

গৌতম গম্ভীয়ে কয়, “দিল্লীত আজি যি ঘটিল সেয়া অত্যন্ত ব্যথাজনক!” ডেল ষ্টেইনে আকৌ কয়, “এয়া একেবাৰে ভাল কথা নহ’ল।”

আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ এছ বদ্ৰিনাথে কয় ‘যদি মই ছাকিবে হলোহেঁতেন, তেন্তে মই অধিনায়ক হিচাপে আবেদন নকৰিলোহেঁতেন আৰু যদি মই এঞ্জেলো মেথিউছ হ’লোহেঁতেন, তেন্তে মই হেলমেটতকৈও আৰু বেছি কিবা ভাঙি পেলালোঁহেঁতেন।’

ইপিনে, ধাৰাভাষ্যকাৰ হিচাপে থকা শ্ৰীলংকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ আৰ্ণল্ড ৰাছেলে উল্লেখ কৰে, ‘এইবাৰ প্ৰথমবাৰৰ বাবে এনেকুৱা কিবা এটা প্ৰত্যক্ষ কৰিলো।’

সোমবাৰে দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত ২৫ নং অভাৰত সংঘটিত হয় এই ঘটনা। ২৪.২ অভাৰত চতুৰ্থটো উইকেট হেৰুৱাই শ্ৰীলংকাই। উইকেটটো ল’লে ছাকিব আল হাছানে। ইয়াৰ পিছত মেথিউছে খেলপথাৰত প্ৰৱেশ কৰিলে। সেইটো আছিল নিৰ্ধাৰিত সময়ৰ ভিতৰত (খেলৰ নিয়ম অনুসৰি নতুন বেটছমেনে উইকেট পতনৰ দুই মিনিটৰ ভিতৰতে প্ৰথম বলটো খেলিব লাগে)। কিন্তু ক্ৰীজলৈ আহি তেওঁ অনুভৱ কৰে যে হেলমেটটোত কিবা এটা ত্ৰুটী আছে। হয়তো ষ্ট্ৰেপটো ভাঙি গৈছিল।  ‘গাৰ্ড’ নিনিয়াকৈয়ে ডাগআউটৰ পিনে হেলমেট আনিবলৈ ক’লে।

ইপিনে, ছাকিবে আম্পায়াৰক কিবা এটা কোৱা দেখা যায়। ইয়াৰ পিছত অনফিল্ড আম্পায়াৰৰ সৈতে মেথিউছৰ আলোচনা আৰম্ভ হয়। শ্ৰীলংকাৰ ক্ৰিকেটাৰগৰাকীক সঁচাকৈয়ে উত্তেজিত হোৱা যেন লাগিছিল। তেওঁ বুজাবলৈ চেষ্টা কৰে যে হেলমেটৰ ষ্ট্ৰেপৰ সমস্যা হৈছিল। যদিও আম্পায়াৰসকলে তেওঁক আউট দিয়ে।

এই পৰিস্থিতিত মেথিউছে ছাকিবৰ লগতো কথা পাতিবলৈ গৈছিল। কিন্তু ছাকিবে আবেদন ঘূৰাই নল’লে। ক্ৰিকেটৰ নিয়ম অনুসৰি মেথিউছে ড্ৰেছিং ৰুমলৈ উভতি যাবলগীয়া হয়।