NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! মাতৃৰ পিণ্ডদান কৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল দুই পুত্ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 8, 2023 3:01 pm

বুধবাৰে পুৱা ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলত পিণ্ড দান কৰিবলৈ লোৱাৰ সময়তে ব্ৰহ্মপুত্ৰত উটি যায় দুই ভাতৃ।

আজি পুৱা ৮.৪৫ বজাত এই ঘটনা সংঘটিত হয়।

ছমাহ পূৰ্বে মৃত্যু হোৱা মাতৃৰ পিণ্ডদান কৰাৰ সময়তে এই দুখলগা ঘটনাটো সংঘটিত হয়।

ডিব্ৰুগড়ৰ আমোলাপট্টি অঞ্চলৰ বাসিন্দা দিগন্ত কাকতি আৰু অনন্ত কাকতি নামৰ ভাতৃদ্বয় ।

খবৰ অনুসৰি দিগন্ত পিণ্ড আগবঢ়াবলৈ যাওঁতে নদীত পৰি যায়। তেওঁক উদ্ধাৰ কৰিবলৈ গৈ লগতে উটি যায় কনিষ্ঠ ভাতৃ অনন্ত। 

দিগন্ত কাকতি বিবাহিত আৰু দুটা কন্যা সন্তানৰ পিতৃ। আনহাতে অনন্ত অবিবাহিত আছিল।

জানিব পৰা  মতে, এছ ডি আৰ এফে ভাতৃদ্বয়ৰ মৃতদেহ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।