NORTHEAST NOW (Assamese)
অসম

জুৱা আৰু অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে হাউলীৰ শুকমানাহ বজাৰত সজাগতা সভা

Posted by: আনিছুজ জামান May 10, 2018 8:06 pm
IMG-20180509-WA0008

বুধবাৰে বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত  পল্লাৰপাৰ শুকমানাহ বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত বজাৰ প্ৰাঙ্গণত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমানৰ পৌৰাহিত্যত জিলাখনত বৃদ্ধি পোৱা জুৱা আৰু অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে এখনি সজাগতা সভা অনুষ্ঠিত হয়।

উক্ত সভাত উপস্থিত থাকি ভাষন প্ৰদান কৰে হাউলী জুনিয়ৰ মহাবিদ্যালয়ৰ আৰবিক বিভাগৰ প্ৰৱক্তা ওৱাহিদুৰ ৰহমান খান, বঙাইগাঁও জিলাৰ ৰেচম পৰিদৰ্শক দেৱান মোৱাজ্জেম হুছেইন, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন কলিতা আৰু বৰপেটা জিলা আমছুৰ শিক্ষা সম্পাদক আমিনুৰ ৰহমানৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।

পাচ সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত আমিনুৰ ৰহমানে তেওঁৰ ভাষনত বৰ্তমান বৃহত্তৰ শুকমানাহ অঞ্চলত গা কৰি উঠা জুৱা আৰু অসামাজিক কাম কাজৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

IMG-20180509-WA0010

তেওঁ লগতে দীৰ্ঘদিনৰ পৰা শুকমানাহবাসী ৰাইজে গঢ়ি তোলা জুৱা আৰু মাদক দ্ৰব্য বিহীন  সমাজখনৰ গৰীমা অক্ষুন্ন ৰাখি বৃহত্তৰ অঞ্চলটোত শিক্ষা ক্ষেত্ৰত জাগৰন সৃষ্টি কৰিবলৈ আহ্বান কৰে।

উল্লেখ্য যে উক্ত সভাত অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমানক সভাপতি, স্থানীয় সমাজকৰ্মী আবু বাক্কাৰক সাধাৰণ সম্পাদক হিচাপে লৈ অসামাজিক কাম বিৰোধি এখন শক্তিশালী সমিতিও গঠন কৰা হয়।

ইফালে সভাৰ জৰিয়তে সমাজ সংস্কাৰৰ ক্ষেত্রত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে উপস্থিত ব্যক্তিসকলে।