NORTHEAST NOW (Assamese)
Popular Stories

ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা; অভিযুক্তৰ যৌনাংগ কাটি লৈ থানাত উপস্থিত যুৱতী!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 16, 2023 10:30 am

ঘৰত অকলে থাকে। তাৰেই সুযোগ লৈ ঘৰৰ পৰিচাৰকে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল এগৰাকী যুৱতীক। যুৱতীগৰাকীয়ে নিজৰ মৰ্যাদা ৰক্ষাৰ বাবে কেনেবাকৈ পাকঘৰত আশ্ৰয় লয়। কিন্তু মিনিটৰ ভিতৰতে তেওঁ পাকঘৰৰ পৰা ওলাই আহিল। হাতত চোকা এখন দা। যুৱতীগৰাকীয়ে চিধাই অভিযুক্তৰ যৌনাংগ কাটি পেলালে। তাৰপিছত হাতত কটা যৌনাংগ লৈ তেওঁ থানাত হাজিৰ হ’ল। গোটেই ঘটনাটো তেওঁ বিবৰি কলে। ইপিনে যুৱতীগৰাকীৰ এই কাৰ্য দেখি স্তম্ভিত হৈ পৰে আৰক্ষীও।

উত্তৰ প্ৰদেশৰ কৌসম্বী জিলাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে। আনহাতে, অভিযুক্ত যুৱকজন প্ৰয়াগৰাজৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁৰ অৱস্থা সংকটজনক।

আৰক্ষীৰ মতে, যুৱতীগৰাকীয়ে শহুৰেকৰ ঘৰত থাকে। তেওঁৰ স্বামী চৌদি আৰৱত কৰ্মৰত। তেত্ৰিশ বছৰীয়া এজন যুৱকে ঘৰত পৰিচাৰক হিচাপে কাম কৰিছিল।

লগতে পঢ়কঃ ছেমি নহয় ছামি ফাইনেল! বিশ্বকাপৰ নক আউটত ছামিৰ সৰ্বকালৰ শ্ৰেষ্ঠ বলিং; ভংগ গেৰীৰ ৪৮ বছৰীয়া অভিলেখ

বুধবাৰে কোনো পৰিয়ালৰ সদস্য ঘৰত নাছিল, যুৱতীগৰাকী অকলে আছিল। এই সুযোগতে অভিযুক্তই ধৰ্ষণৰ চেষ্টা চলায়। যুৱতীগৰাকীয়ে কেনেবাকৈ পলাই পাকঘৰত আশ্ৰয় লয় যদিও অলপ পিছতে ওলাই আহে। তেওঁ চিধাই দাৰে অভিযুক্তক আক্ৰমণ কৰে। একে ঘাতে যৌনাংগটো কাটি পেলায়।

তাৰ পিছত যুৱতীগৰাকী কটা যৌনাংগ লৈ থানালৈ গ’ল। অভিযুক্তৰ নামত ধৰ্ষণৰ চেষ্টাৰ এজাহাৰ আৰক্ষীত দাখিল কৰা হয়। ইফালে যুৱতীগৰাকীৰ হাতত কটা যৌনাংগ দেখি আৰক্ষীৰ চকু থৰ হৈ পৰে। যুৱতীগৰাকীক লগত লৈ লগে লগে ঘৰলৈ যায়। দেখা যায় যে অভিযুক্ত ৰক্তাক্ত অৱস্থাত বিচনাত পৰি আছে। কাষতে পৰি আছে দাখন।

লগতে পঢ়কঃচাঞ্চল্য! বন্ধ কোঠালিত প্লাষ্টিকৰ ড্ৰামৰ ভিতৰত উদ্ধাৰ চিমেণ্টেৰে ঢকা নৰকংকাল

সম্প্ৰতি প্ৰয়াগৰাজৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে অভিযুক্ত যুৱকজন। তেওঁৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। অৱশ্যে আৰক্ষীক দিয়া বক্তব্যত অভিযুক্তই বেলেগ দাবী উত্থাপন কৰে। তেওঁ দাবী কৰে যে সৰুৰে পৰা তেওঁ সেই ঘৰখনত কাম কৰি আহিছে। বুধবাৰে যুৱতীগৰাকীয়ে তেওঁক ঘৰলৈ মাতে। তাৰ পিছত কিবা খুৱাই অচেতন কৰি তেওঁৰ যৌনাংগ কাটি নিয়ে। অভিযুক্ত যুৱকজনৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিছে।