NORTHEAST NOW (Assamese)
Popular Stories

ক্ৰিকেট জ্বৰত আক্ৰান্ত দেশ! ভাৰতে বিশ্বকাপ জিকিলে নগ্ন হৈ দৌৰিব দেশৰ সমুদ্ৰ তীৰত; মুকলি ঘোষণা অভিনেত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2023 1:31 pm

এটা দশকৰ পিছত ভাৰতে পুনৰ বিশ্বকাপ জয়ৰ দুৱাৰমুখত উপনীত হৈছে। ২০১১ চনৰ সেই বৰ্ষৰ পিছত আৰু কেতিয়াও দেশৰ ভাগ্য সলনি নহ’ল। কিন্তু এইবাৰ আগ্ৰাসী যুদ্ধত বাস্তৱিকতে সকলো দলকে পৰাস্ত কৰি টিম ইণ্ডিয়াই লীগ টেবুলৰ শীৰ্ষত উপনীত হয়। ছেমি ফাইনেলতো অপ্ৰিতৰোধ্য হৈ ৰ’ল টীম ইণ্ডিয়া।

এইবোৰলৈ লক্ষ্য কৰি এইবাৰ বিশ্বকাপ ট্ৰফী আকৌ এবাৰ মেন ইন ব্লুৰ হাতত উঠিবলৈ ওলাইছে, মুঠতে এই আশাই পুনৰ দেশবাসীৰ মনত জিলিকি উঠিছে।

তেনে এক আৱেগৰ মাজতে দেশৰ এগৰাকী অভিনেত্ৰীয়ে প্ৰায় বিস্ফোৰক মন্তব্য কৰিলে। ফাইনেলৰ পূৰ্বে তেওঁ মুকলিকৈ ঘোষণা কৰিছে যে যদি ভাৰতে বিশ্বকাপ জয় কৰে তেন্তে তেওঁ ৰাজহুৱা স্থানত নগ্ন হব। কেৱল সেয়াই নহয়, সেই অৱস্থাতে তেওঁ সাগৰ তীৰত দৌৰিব। এই প্ৰতিশ্ৰুতি এগৰাকী দক্ষিণৰ অভিনেত্ৰীৰ।

লগতে পঢ়কঃ আত্মশ্লাঘা! ফাইনেলত অষ্ট্ৰেলিয়া ৪৫০/২, ভাৰত ৬৫ৰানত অল আউট; ভৱিষ্যদ্বাণী মিচেল মাৰ্ছৰ

আচলতে জনপ্ৰিয় খেলৰ অৰ্থই হ’ল আৱেগত উথলি উঠা। তাৰ ওপৰত যদি বিশ্বকাপৰ দৰে আন্তৰ্জাতিক মঞ্চ হয়, তেন্তে কোনো প্ৰশ্নই নাই। তাতে নিজৰ দেশখনক দেখিলে সকলোৱে অতিৰিক্ত আৱেগৰ চাপ অনুভৱ কৰিব পাৰে। সেই আৱেগতে বিশ্বকাপৰ ছিজনত বহুতে বিভিন্ন ইচ্ছাৰ কথা ঘোষণা কৰি দিয়ে। ইচ্ছা পূৰণৰ কামনাৰে যেনেকৈ আশিষ বিচৰা হয়, এয়াও তাৰ লগত বহুখিনি একে।

ইয়াৰ পূৰ্বে একাংশ যুৱতীয়েও ফুটবল বিশ্বকাপৰ সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল। পেৰাগুৱেৰ ধুনীয়া মডেল লাৰিছা ৰিকেলমে ঘোষণা কৰিছিল যে তেওঁৰ দলটোৱে বিশ্বকাপ জয় কৰিলে তেওঁ উলংগ হৈ দেখা দিব।

আকৌ ব্ৰাজিলৰ মডেল ছুজি কৰ্টেজে মেছিৰ বাবে উলংগ হ’ব বিচাৰিছিল। সেই তালিকাত নতুনকৈ সংযোজন হৈছে তেলেগু অভিনেত্ৰী ৰেখা বোজ। দেশখনে ফাইনেলত প্ৰৱেশ কৰিছে, তেওঁ এই আনন্দত আত্মাহাৰা হৈ পৰিছে আৰু ঘোষণা কৰিছে যে যদি ৰোহিত বাহিনীয়ে শেষৰ বাধা পাৰ হ’ব পাৰে, অৰ্থাৎ বিশ্বকাপ ট্ৰফী যদি ভাৰতলৈ আহে, তেন্তে তেওঁ বিশাখাপট্টমৰ সাগৰ তীৰত নগ্ন হৈ দৌৰিবলৈ সাজু। অভিনেত্ৰীগৰাকীয়ে এতিয়া সেই ইচ্ছা পূৰণৰ সুযোগ পায় নে নাই সেয়া হ’ব লক্ষ্যণীয়।