NORTHEAST NOW (Assamese)
অসম

টিউশ্যন কৰিবলৈ গৈ ঘৰলৈ উভতি অহা নাই হোজাইৰ য়াচিৰ

Posted by: এন ই নাও নিউজ ব্যুৰো December 9, 2017 5:36 pm

হোজাইৰ দংকী  অঞ্চলৰ জহিৰ আহমেদৰ পুত্ৰ য়াচিৰ আহমেদ (১৪) যোৱা ৭ ডিচেম্বৰত  টিউশ্যন কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যদিও ঘৰলৈ ঘূৰি নাহিল।

নিৰুদ্দেশ হোৱা য়াচিৰ আহমেদ।

পৰিয়ালৰ লোকে জনোৱা মতে বৰ্তমান সময়লৈকে য়াচিৰৰ কোনো সন্ধান পোৱা নাই আৰু তেওঁলোক অতি চিন্তিত হৈ পৰিছে। নৱম শ্ৰেণীত পঢ়ি থকা মেধাৱী ছাত্ৰজন নিৰুদ্দেশ হোৱা ঘটনাত সমগ্ৰ দংকী অঞ্চলতে এক প্ৰকাৰৰ চাঞ্চল্য তথা শোকৰ পৰিবেশ সৃষ্টি হৈছে। জানিব পৰামতে য়াচিৰৰ পৰিয়ালে হোজাই আৰক্ষী থানাত কথাটো অৱগত কৰিছে। হোজাই আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে য়াচিমৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ লোকে নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ সন্ধান পালে ৮৭৫৩৯১৭৫৯৫ নম্বৰত যোগাযোগ কৰিবলৈ নাইবা হোজাই আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনায়।