NORTHEAST NOW (Assamese)
Popular Stories

ইন্দিৰা গান্ধীৰ জন্মদিনৰ বাবেই ফাইনেলত হাৰিল ভাৰত! আজৱ দাবী হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2023 10:16 am
panauti Cricket World Cup Himanta Biswa Sarma

যোৱা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাস্ত হৈ বিশ্বকাপ অৰ্জনৰ পৰা বঞ্চিত হ’ল ভাৰত। ভাৰতীয় দলৰ এই পৰাজয়ত শোকাহত হ’ল ভাৰতীয় ক্ৰিকেট অনুৰাগী। কোনো কোনোৱে বিশ্লেষণ কৰিলে দলৰ পৰাজয়ৰ কাৰণসমূহ।

কিন্তু তাৰ সমান্তৰালকৈ এই পৰাজয়ক কেন্দ্ৰ কৰি ৰাজনৈতিক বাক-বিতণ্ডাৰো উদ্ভৱ হৈছে। মেচখন নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ বাবেই ভাৰতীয় দল পৰাজয়ৰ সন্মুখীন হ’ল বুলি কটাক্ষ কৰিছে একাংশ লোকে।

আনহাতে একাংশই আকৌ নৰেন্দ্ৰ মোদী বিশ্বকাপৰ ফাইনেল দৰ্শনৰ বাবে ষ্টেডিয়ামত উপস্থিত থকাৰ বাবেই ভাৰত পৰাস্ত হ’ল বুলিও কটুক্তি কৰিছে। তাৰ মাজতে মোদীক ‘পনৌতি’ অৰ্থাৎ অমঙ্গলীয়া আখ্যা দি একাংশই চ’ছিয়াল মিডিয়াত জোৱাৰ তুলিছে।

এই অনাহূত বিতৰ্কত নামি পৰিছে ৰাজনৈতিক দলসমূহো। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক সভাতে মুকলিকৈ ভাৰতৰ পৰাজয়ৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিক জগৰীয়া কৰি বিতৰ্কত লিপ্ত হৈছিল।

যোৱা মঙলবাৰে ৰাজস্থানত অনুষ্ঠিত এখন সভাত ৰাহুল গান্ধীয়ে কয় যে ভাৰতীয় খেলুৱৈসকলে ভাল খেলিছিল আৰু বিশ্বকাপো জয় কৰিলেহেঁতেন৷ কিন্তু ফাইনেলত ‘পনৌতি’ উপস্থিত থকাৰ বাবেই ভাৰত পৰাস্ত হ’ল।

নাম উল্লেখ নকৰাকৈ ৰাহুল গান্ধীয়ে মূলত: নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি এই বিতৰ্কিত মন্তব্য কৰিছিল। গান্ধীৰ এই মন্তব্যই সৃষ্টি কৰিছিল তীব্ৰ বিতৰ্কৰ। এনে বিতৰ্কত এইবাৰ সোমাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মোদীৰ ‘পনৌতি’ অভিধাৰ একপ্ৰকাৰে প্ৰত্যাক্ৰমণ হিচাপে হিমন্ত বিশ্ব শৰ্মাই নিৰ্ণয় কৰিছে ভাৰতীয় দলৰ পৰাজয়ৰ আন এক কাৰণ। এই কাৰণ হেচাপে হিমন্ত বিশ্ব শৰ্মাই চিহ্নিত কৰিছে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক।

হিমন্ত বিশ্ব শৰ্মাৰ মতে, বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ কাৰণ মোদীৰ উপস্থিতি নহয়, বৰঞ্চ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিনত খেলখন অনুষ্ঠিত হোৱাৰ বাবেই ভাৰতীয় দল পৰাস্ত হয়।

তেওঁ লগতে গান্ধী পৰিয়ালৰ কোনো সদস্যৰ জন্মদিনত যাতে কোনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত নহয়, তাৰ বাবে বিচিচিআইক অনুৰোধ জনাব বুলিও তীৰ্যক আক্ৰমণ কৰে আৰু বিশ্বকাপৰ ফাইনেলত হোৱা পৰাজয়ৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনায়।