NORTHEAST NOW (Assamese)
অসম

সংবাদ মাধ্যমৰ সম্পাদকৰ আহ্বান : নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ বাবে বিপজ্জনক

Posted by: এন ই নাও নিউজ May 11, 2018 7:26 am
Citizenship-Amendment-Bill-2016-570x320

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ অসমৰ ভৱিষ্যতৰ বাবে বিপজ্জনক আৰু সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ পৰিপন্থী বুলি অভিহিত কৰিছে অসমৰ সংবাদ মাধ্যমৰ সম্পাদকসকলে। এই বিধেয়কখন লগতে সাম্প্ৰদায়িক, বিভেদকামী চৰিত্ৰৰ হোৱাৰ উপৰি অসমৰ অখণ্ডতা, সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি এক ভাবুকি বুলিও তেওঁলোকে মন্তব্য কৰিছে।

অসমৰ সংবাদ মাধ্যমৰ ২১গৰাকী সম্পাদকে স্বাক্ষৰ কৰা এক বিবৃতিত বৃহস্পতিবাৰে সম্পাদকসকলে এই বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত লওঁতে যুটীয়া সংসদীয় সমিতিক অসমবাসীৰ জনমতক শ্ৰদ্ধা জনাবলৈ আহ্বান জনাইছে।

সংবাদ মাধ্যমৰ সম্পাদকসকলে লগতে আগন্তুক সময়ত কেন্দ্ৰীয় চৰকাৰক এই বিধেয়ক গ্ৰহণৰ পৰা বিৰত থাকি শুভ বুদ্ধিৰ পৰিচয় দিবলৈকো আহ্বান জনাইছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোৰ স্বাক্ষৰকাৰীসকলে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ক কেন্দ্ৰ কৰি অসমৰ পৰিস্থিতি ক্ৰমান্বয়ে অস্থিৰ হোৱাত আমি উদ্বেগ প্ৰকাশ কৰিছো। অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত অসংখ্য দল-সংগঠন, ব্যক্তিয়ে এই বিধেয়কখনৰ সৰ্বনাশী প্ৰভাৱৰ কথা চিন্তা কৰি সৰ্বান্তকৰণে তাৰ বিৰোধিতা কৰিছে।

সম্পাদকসকলে বিবৃতিটোত কৈছে যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব আইনৰ এই সংশোধনীয়ে অসম চুক্তিক নস্যাৎ কৰাৰ উপৰি নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো অৰ্থহীন কৰি তুলিব। ইয়াৰ পৰিনাম বিদেশী সমস্যাটোৰ ক্ষেত্ৰতে নহয়, অসমৰ সমাজ জীৱনৰ বাবেও ভয়াৱহ হ’ব।

সংবাদ মাধ্যমৰ সম্পাদকসকলে যুটীয়া সংসদীয় সমিতিয়ে অসমত শুনানি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো নিৰপেক্ষতা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপন কৰিছে। গুৱাহাটীত মাত্ৰ এদিন আৰু ইয়াৰ বিপৰীতে বৰাকত দুদিন শুনানিৰ সময় ধাৰ্য কৰা কাৰ্যকো সমালোচনা কৰিছে স্বাক্ষৰকাৰীসকলে। গুৱাহাটীত বহুলোকে মতামত আগবঢ়োৱাৰ সুযোগ নাপালে বুলি তেওঁলোকে অভিযোগ কৰে।