NORTHEAST NOW (Assamese)
অসম

বিতৰ্ক আছিল সংগী! নোবেল বঁটা বিজয়ী আমেৰিকান কূটনীতিবিদ হেনৰী কিচিঞ্জাৰৰ ১০০ বছৰত দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 30, 2023 12:47 pm

খ্যাতিৰ সৈতে সদায় বিতৰ্কই তেওঁক অনুসৰণ কৰিছিল। আমেৰিকাৰ প্ৰাক্তন বিদেশ সচিব হেনৰী কিচিঞ্জাৰৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁ বয়স ১০০ বছৰ আছিল। বহু বিতৰ্কৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল। ইন্দিৰা গান্ধীৰ বিৰুদ্ধে অশালীন শব্দ ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছিল। শান্তিৰ নোবেল বঁটা বিজয়ী আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে বুধবাৰে কানেকটিকাটৰ নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

হেনৰী কিচিঞ্জাৰ আছিল এজন শীৰ্ষ কূটনীতিবিদ। তেওঁ আন্তঃৰাষ্ট্ৰীয় বিষয়ত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। হেনৰী ৰিচাৰ্ড নিক্সন প্ৰশাসনৰ বিদেশ সচিব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আছিল। কোৱা হয় যে কূটনীতিৰ ক্ষেত্ৰত তেওঁৰ দৰে দক্ষ আন কোনো নাছিল। ভিয়েটনামৰ সৈতে হোৱা শান্তি চুক্তিতো হেনৰীৰ হাত আছিল। ২০০০ চনৰ আৰম্ভণিতে কিচিঞ্জাৰে ইৰাকত আমেৰিকাৰ আক্ৰমণত জৰ্জ ডব্লিউ বুছ প্ৰশাসনক সমৰ্থন কৰিছিল।

হেনৰী কিচিঞ্জাৰ বহু বিতৰ্কৰ সৈতেও জড়িত হৈ পৰিছিল। এফালে তেওঁ এজন মেধাৱী ৰাজনীতিবিদ আৰু কূটনীতিবিদ হিচাপে পৰিচিত। আনহাতে বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত বাংলাদেশী গণহত্যাত তেওঁ পাকিস্তানক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন হৈছিল। সেইবাবেই এখন সৰু দেশৰ নাগৰিকৰ তেজ বোৱাই তেওঁ এজন ‘দক্ষ’ কূটনীতিবিদ হৈ পৰা বুলি কোৱা হয়।

হেনৰী কিচিঞ্জাৰ। ফাইল ফটোঃ সংগ্ৰহীত।

১৯৭১ চনত পাকিস্তানক দুটা ভাগত বিভক্ত কৰা হয়। যাৰ পূব অংশ বাংলাদেশ নামেৰে জনাজাত। বাংলাদেশৰ স্বাধীনতাৰ এমাহ পূর্বে ভাৰতৰ তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে নিক্সন আৰু কিচিঞ্জাৰক লগ কৰিবলৈ গৈছিল৷ বৈঠকৰ পিছত নিক্সন আৰু কিচিঞ্জাৰৰ মাজত হোৱা বাৰ্তালাপৰ সময়ত দুয়োজনে ইন্দিৰা গান্ধীৰ প্ৰতি অশালীন ভাষা প্ৰয়োগ কৰা বুলি অভিযোগ উঠিছিল।

কিচিঞ্জাৰে ইন্দিৰা গান্ধীক “যুদ্ধ আৰম্ভ কৰাৰ বাবে” অভিযুক্ত কৰিছিল। কিচিঞ্জাৰে ভাৰতীয়সকলক “সৰ্বাধিক আক্ৰমণাত্মক” আৰু “দালাল” বুলি অভিহিত কৰিছিল। দুয়োৰে মাজত হোৱা এই কথা-বতৰা টেপত ৰেকৰ্ড কৰা হৈছিল। যিটো ২০২০ চনত ৰাজহুৱা কৰা হৈছিল। ভাৰতীয়ৰ প্ৰতি নিক্সন আৰু কিচিঞ্জাৰৰ অপমানজনক মন্তব্য এই টেপত ৰেকৰ্ড কৰা হৈছিল।

হেনৰী কিচিঞ্জাৰ। ফাইল ফটোঃ সংগ্ৰহীত।

হেনৰী কিচিঞ্জাৰে ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সন আৰু জেৰাল্ড ফৰ্ডৰ অধীনত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু বিদেশ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৩ চনৰ ২৭ মে’ত তেওঁৰ ১০০ বছৰীয়া জন্মদিন উদযাপন কৰে। ভিয়েটনাম যুদ্ধৰ অন্ত পেলোৱা আৰু আমেৰিকাৰ বাহিনী প্ৰত্যাহাৰ কৰাত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।