NORTHEAST NOW (Assamese)
Popular Stories

ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ সময়তে ফিট হৈ উঠিব ঋষভ পন্ত! তেওঁ এতিয়া কিমান সুস্থ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2023 4:07 pm

টীম ইণ্ডিয়াৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ খেলপথাৰলৈ ঘূৰি অহাৰ নতুন আপডেট সন্মুখলৈ আহিছে। এক প্ৰতিবেদন অনুসৰি অহা জানুৱাৰীৰ পৰা মাৰ্চলৈকে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট ছিৰিজৰ সময়ত ঋষভ পন্তে পুনৰ সম্পূৰ্ণ মেচ ফিটনেছ লাভ কৰিব। অৱশ্যে এই টেষ্ট শৃংখলাত তেওঁ নলয়।

যোৱা বছৰৰ শেষৰ ফালে ভয়ংকৰ গাড়ী দুৰ্ঘটনাত পতিত হৈছিল ঋষভ পন্ত। তাৰ পিছত তেওঁৰ সোঁ আঁঠুৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। তেতিয়াৰ পৰাই তেওঁ ক্ৰিকেট খেলপথাৰৰ পৰা দূৰত আছে। আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে পন্তে হয়তো আৰু কেতিয়াও উইকেট কীপিং কৰিব নোৱাৰিব বুলি আশংকা কৰা হৈছে। কাৰণ  আন খেলুৱৈতকৈ উইকেটৰক্ষকৰ আঁঠুত অধিক চাপ পৰে।

লগতে পঢ়কঃ চিনাকী লোকৰেই ধৰ্ষণৰ বলি হয় অধিকাংশ মহিলা : এনচিআৰবিৰ প্ৰতিবেদন

প্ৰতিবেদন অনুসৰি ঋষভ পন্তৰ আঁঠু আৰু ভৰিৰ গোৰোহাত এতিয়া বহুত ভাল মুভমেন্ট আহিছে আৰু প্ৰতিদিনে ভাল হৈ আহিছে। তেওঁৰ আৰোগ্য আৰু ফিটনেছ লেভেলৰ অগ্ৰগতিলৈ চাই ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহৰ ভিতৰত তেওঁ খেলপথাৰত নামিবলৈ সম্পূৰ্ণৰূপে সাজু হ’ব বুলি আশা কৰা হৈছে।

কিন্তু বিচিচিআইয়ে খৰখেদা কৰিব বিচৰা নাই। এনে পৰিস্থিতিত তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলত সুযোগ নাপাব। এইবাৰ আইপিএল ২০২৪ত তেওঁ পোনপটীয়াকৈ খেলপথাৰত প্ৰৱেশ কৰিব।

দিল্লী কেপিটেলছেও চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁৰ ফিটনেছ আপডেট শ্বেয়াৰ কৰিছিল। ফ্ৰেঞ্চাইজিটোৱে কয় যে ঋষভ পন্ত বৰ্তমান বাংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত ৰিহেবিলেশ্যনত আছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে তেওঁ পুনৰ সম্পূৰ্ণ ফিটনেছ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু আই পি এলত তেওঁৰ অংশগ্ৰহণ এন চি এৰ মেনেজাৰসকলৰ সন্মতিৰ ওপৰত নিৰ্ভৰ কৰিব।”

পন্তৰ উইকেটৰক্ষক হোৱাৰ সম্ভাৱনা সম্পৰ্কৰ এক প্ৰশ্নৰ উত্তৰত ফ্ৰেঞ্চাইজিটোৰ পৰা কোৱা হৈছিল যে বিচিচিআইয়ে গ্ৰীণ চিগনেল দিলে আইপিএলত ঋষভ উইকেটৰ ৰক্ষক হ’ব। অন্যথা তেওঁ কেৱল বেটিং আৰু ফিল্ডিঙত মনোনিৱেশ কৰিব।