NORTHEAST NOW (Assamese)
Popular Stories

ৰাতি নগ্ন হৈ শুলে পুৰুষৰ শুক্ৰাণু বাঢ়ে! কি কৈছে গৱেষণাই?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 18, 2023 11:59 am

পুৰুষৰ শুক্ৰাণুৰ সংখ্যা কম হোৱাটো মহিলাৰ বন্ধ্যাত্বৰ অন্যতম কাৰণ। ইতিমধ্যে এই সমস্যাত ভুগি থকা পুৰুষসকলে এই পদ্ধতি অনুসৰণ কৰিব পাৰে।

নেচনেল ইনষ্টিটিউট অৱ চাইল্ড হেল্থ এণ্ড ডেভেলপমেণ্ট আৰু ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ এক অধ্যয়নত কোৱা হৈছে যে পুৰুষে টানি ধৰা অন্তৰ্বাস খুলি ৰাতি নগ্ন হৈ শুব লাগে। ইয়াত যাদুৰ দৰে ফলাফল লাভ কৰিব।

দিনৰ ভাগত বক্সাৰ পিন্ধা কিন্তু নিশা শোৱাৰ সময়ত নগ্ন হৈ শোৱা পুৰুষৰ ডিএনএ ফ্ৰেগমেন্টেশ্যন দিনে ৰাতি টাইট বক্সাৰ পিন্ধা সকলৰ তুলনাত ২৫ শতাংশ কম হোৱা বুলিও অধ্যয়নটোত দাবী কৰা হৈছে।

লগতে পঢ়কঃ উদ্যোগপতি সজ্জন জিন্দালৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ অভিনেত্ৰীৰ! মুম্বাইৰ থানাত দাখিল এজাহাৰ

এই অধ্যয়নৰ বাবে সংস্থাটোৱে এবছৰৰ ভিতৰত ৫০০ৰো অধিক পুৰুষৰ ওপৰত এই পৰীক্ষা চলাইছিল। তেওঁলোকৰ অন্তৰ্বাসৰ পছন্দ আৰু শুক্ৰাণুৰ মানদণ্ড নিৰীক্ষণ কৰা হৈছিল বুলি অধ্যয়নটোত কোৱা হৈছে।

শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব বিচৰা পুৰুষক ৰাতি নগ্ন হৈ শুবলৈ পৰামৰ্শ দিয়া হৈছিল। আৰু দিনতকৈ ঢিলা অন্তৰ্বাস পিন্ধিবলৈ কোৱা হৈছিল। যাতে বতাহ মুক্তভাৱে গতি কৰিব পাৰে। সেই পৰামৰ্শৰ ভিত্তিতে হেনো ব্ৰিটেইনৰ এক তৃতীয়াংশ পুৰুষে ৰাতি নগ্ন হৈ শুই থাকে। এই খবৰ জনাইছে নেশ্যনেল স্লিপ ফাউণ্ডেচনে।

নগ্ন হৈ শুলে যে কেৱল পুৰুষৰ বাবেই ভাল এনে নহয়, নগ্ন হৈ শোৱা মহিলাসকলৰো ইষ্ট ইনফেকশ্যত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম।

লগতে পঢ়কঃ পুৰুষৰ এই চাৰিটা গুণে বলিয়া কৰে নাৰীক, কৈছে চাণক্যই

তদুপৰি, অধ্যয়নত দেখা গৈছে যে ই মানুহক ভাল টোপনিতো সহায় কৰে।  শুই থকাৰ লগে লগে শৰীৰৰ উষ্ণতা স্বাভাৱিকতে কমি যায়। কাপোৰ নাথাকিলে শৰীৰ অধিক সোনকালে ঠাণ্ডা হয়। আৰু যদি আপোনাৰ শৰীৰৰ উষ্ণতা ইতিমধ্যে বেছি হয়, তেন্তে কাপোৰে সেই উষ্ণতা ধৰি ৰাখিব। ইয়াৰ ফলত আপোনাৰ টোপনি আৰু অধিক বিঘ্নিত হ’ব।