• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদ্যোগপতি সজ্জন জিন্দালৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ অভিনেত্ৰীৰ! মুম্বাইৰ থানাত দাখিল এজাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2023 8:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিন্দাল গোষ্ঠীৰ মুৰব্বী সজ্জন জিন্দালৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে এগৰাকী মহিলাই মুম্বাইৰ বি কে চি থানাত এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকী পেছাত এগৰাকী অভিনেত্ৰী।

অভিনেত্ৰীগৰাকীৰ মতে, ২০২২ চনৰ জানুৱাৰী মাহত এই ঘটনা সংঘটিত হৈছিল। বান্দ্ৰা-কুৰ্লা কমপ্লেক্সত থকা সংস্থাটোৰ মুখ্য কাৰ্যালয়ৰ পেণ্টহাউচত জিন্দালে তেওঁক ধৰ্ষণ কৰে।

অভিযোগকাৰীয়ে দাবী কৰে যে চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ থানাত এজাহাৰ দাখিল কৰিবলৈ গৈছিল। কিন্তু তেওঁৰ কথাত গুৰুত্ব নিদিলে আৰক্ষীয়ে। পিছত তেওঁ আদালতৰ কাষ চাপে। এইবাৰ আদালতৰ নিৰ্দেশত তেওঁৰ অভিযোগ ল’লে আৰক্ষীয়ে।

Apply Now

লগতে পঢ়কঃ লজ্জাজনক: কেৰালাত ৫২ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ যুৱক

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিনেত্ৰীগৰাকীৰ বক্তব্যৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬, ৩৫৪ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হৈছে বুলি বিকেচি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

বাতৰি অনুসৰি, অভিনেত্ৰীগৰাকীয়ে কয় যে ২০২১ চনত ডুবাইত আই পি এলৰ এখন খেল চাই থাকোঁতে সজ্জনৰ সৈতে পৰিচয় হৈছিল। ভিআইপি বক্সত তেওঁলোক লগ হৈছিল। পিছত জয়পুৰত সাংসদ প্ৰফুল্ল পেটেলৰ পুত্ৰৰ বিয়াতো লগালগি হৈছিল। অভিযোগত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ মাজত ফোন নম্বৰৰ আদান-প্ৰদান হৈছিল। মুম্বাইতো দেখা হৈছিল।

অভিনেত্ৰীগৰাকীয়ে দাবী কৰা মতে, সজ্জনে তেওঁৰ ভাতৃৰ এটা সম্পত্তি ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। অভিযোগকাৰীয়ে দাবী কৰা মতে, তেতিয়াৰ পৰাই সজ্জনে তেওঁক ‘বেবী’ বুলি মাতিছিল। অন্তৰংগ সাক্ষাতত প্ৰায়ে ব্যক্তিগত জীৱনৰ কথা কৈছিল। মাজে মাজে তেওঁক “সাৱটি ধৰিছিল”। অভিনেত্ৰীগৰাকীয়ে কেইবাবাৰো তাৰবাবে বিড়ম্বনাৰ মাজত পৰিবলগীয়া হৈছিল।

লগতে পঢ়কঃ পুৰুষৰ এই চাৰিটা গুণে বলিয়া কৰে নাৰীক, কৈছে চাণক্যই

অভিযোগত অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে যে ২০২২ চনৰ জানুৱাৰী মাহত তেওঁ এখন বৈঠকত অংশগ্ৰহণ কৰিবলৈ জিন্দাল গোটৰ কাৰ্যালয়লৈ গৈছিল। সেই সময়ত সজ্জনে তেওঁক অফিচৰ পেণ্টহাউচলৈ লৈ গ’ল। অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে তাতেই তেওঁক ধৰ্ষণ কৰা হৈছিল।

তেওঁ লগতে দাবী কৰে যে সেই ঘটনাৰ পিছতো তেওঁ উদ্যোগপতিজনৰ সৈতে যোগাযোগ ৰাখিছিল। কিন্তু হঠাৎ সজ্জনে যোগাযোগ বন্ধ কৰি দিয়ে। নম্বৰটোও ব্লক কৰি দিয়ে।

লগতে পঢ়কঃকি যে হ’ব! মাহত দুবাৰকৈ শহুৰেকৰ ঘৰলৈ গৈছিল চাকৰি কৰা পত্নীয়ে; স্বামীয়ে ৰুজু কৰিলে গোচৰ

অভিযোগত অভিনেত্ৰীগৰাকীয়ে লিখিছে, “সজ্জন জিন্দালে নম্বৰটো ব্লক কৰি দিয়াৰ সময়ত মোক ভাবুকিও দিছে। মোক ভাবুকি দিয়া হৈছে যে যদি মই এই ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিওঁ তেন্তে তাৰ পৰিণাম মই ভোগ কৰিব লাগিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd