NORTHEAST NOW (Assamese)
অসম

চীনত শক্তিশালী ভূমিকম্প; শতাধিক লোকৰ মৃত্যু, আহত বহুলোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2023 7:37 am

প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল চুবুৰীয়া দেশ চীনক। তাৰ পিছত কেইবাটাও আফটাৰশ্বক হয়। উত্তৰ-পশ্চিম চীনৰ গাংছু প্ৰদেশত সোমবাৰে মাজনিশা সংঘটিত হোৱা ভূমিকম্পত (Earthquake) মৃত্যু হোৱা লোকৰ সংখ্যা এশৰো অধিক হৈছে। আন কমেও এশজন লোক গুৰুতৰভাৱে আহত হয়।

গাংছুৰ চুবুৰীয়া কিংহাই প্ৰদেশতো ভূমিকম্পৰ ফলত বহু ক্ষতিগ্ৰস্ত হয়। ইয়াত কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১২৪ জন গুৰুতৰভাৱে আহত হয়। বহু ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে। মঙলবাৰে পুৱাৰে পৰা উদ্ধাৰ কাম আৰম্ভ কৰা হয়।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি সোমবাৰে নিশা ১১:৫৯ বজাত চীনৰ গাংছু প্ৰদেশত প্ৰবল ভূমিকম্পই কঁপাই যায়। চুবুৰীয়া কিংহাই প্ৰদেশতো কম্পন অনুভৱ কৰা হৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল গাংছু প্ৰদেশত ১০ কিলোমিটাৰ গভীৰত। ইপিনে, স্থানীয় সংবাদ মাধ্যমৰ মতে ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.২।

স্থানীয় সংবাদ মাধ্যমৰ মতে, গাংছু প্ৰদেশৰ ৰাজধানী লানঝৌৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে থকা অঞ্চলত প্ৰবল কঁপনি অনুভৱ কৰা হয় আৰু তাৰ পিছত কেইবাটাও আফটাৰশ্বক হয়।

এই ভূমিকম্পত গাংছুকে ধৰি কিংহাই প্ৰদেশৰ বহু ঘৰ ভাঙি যায়। ঘৰ বাৰী পোত থোৱাৰ সময়ত বহু লোকৰ টোপনিতে মৃত্যু হৈছিল। চিচিটিভিৰ ফুটেজ অনুসৰি কেৱল কিংহাই প্ৰদেশৰ হাইডং চহৰতে ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছে। বহু গাঁৱত বিদ্যুৎ আৰু পানী যোগান বন্ধ হৈ পৰিছে।

এই প্ৰবল ভূমিকম্পৰ লগে লগে গাংছু প্ৰদেশে সাহায্য আৰু উদ্ধাৰ অভিযানৰ নিৰ্দেশ দিয়ে। মঙলবাৰে পুৱাৰে পৰা উদ্ধাৰৰ কাম আৰম্ভ হৈছে।

উল্লেখ্য যে চীনত ভূমিকম্প নতুন নহয়। যোৱা আগষ্ট মাহত পূব চীনত প্ৰবল ভূমিকম্প হৈছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৪। সেই ভূমিকম্পত কমেও ২৩ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ছিচুয়ান প্ৰদেশত ৬.৬ প্ৰাবল্যৰ ভূমিকম্পত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল।

আনহাতে, ২০০৮ চনত এটা ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছিল। ৭.৯ প্ৰাবল্যৰ সেইবাৰৰ ভূমিকম্পত ৮৭ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে ৫ হাজাৰৰো অধিক স্কুলীয়া ছাত্ৰ সন্ধানহীন হয়।