NORTHEAST NOW (Assamese)
অসম

এমাহ ধৰি সন্ধানহীন মাণিকপুৰৰ শিলঘাগৰীৰ অষ্টম শ্ৰেণীৰ দুজন ছাত্ৰ

Posted by: ইয়াছিন আলী  May 12, 2018 1:39 pm
What

যোৱা প্ৰায় এমাহ ধৰি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰীৰ অষ্টম শ্ৰেণীৰ দুজনকৈ ছাত্ৰ সন্ধানহীন হৈ থকাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে শিলঘাগৰীৰ আমজাদ আলীৰ পুত্ৰ তথা অষ্টম শ্ৰেণীৰ ছাত্ৰ মফিদুল ইছলাম (১৪) প্ৰায় এমাহ ধৰি সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নাপাই অৱশেষত মাণিকপুৰ আৰক্ষী থানাত গোচৰ দিয়া বুলি জানিব পৰা গৈছে।

আনহাতে নিৰুদ্দিষ্ট হৈ থকা মফিদুল ইছলামৰ লগত তেওঁৰ বন্ধু তথা একে গাঁৱৰে আশ্ৰফুল আলম নামৰ একে শ্ৰেণীত পঢ়া ছাত্ৰ জনৰো কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। সম্প্ৰতি কিশোৰ দুজনৰ কোনো খবৰ লাভ নকৰি পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে।

সেয়েহে কোনো সদাশয় ব্যক্তিয়ে কিশোৰ দুজনৰ সন্ধান পালে ৯৩৬৫১১২৮৯০/৭৬৩৭০৯১৪৬৪ নম্বৰত যোগাযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে।

আনহাতে এই ক্ষেত্ৰত আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়াল দুটাই।