NORTHEAST NOW (Assamese)
অসম

গাড়ী দুৰ্ঘটনাত মৃত্যু জনপ্ৰিয় সংগীত শিল্পী ল’ৰা লিঞ্চৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 25, 2023 3:06 pm

জনপ্ৰিয় ‘ডিক্সি চিকছ’ মিউজিক বেণ্ডৰ প্ৰতিষ্ঠাপক গায়িকা ল’ৰা লিঞ্চৰ গাড়ী দুৰ্ঘটনাত মৃত্যু ঘটিছে। আমেৰিকাৰ টেক্সাছত তেওঁৰ গাড়ীখন আন এখন গাড়ীয়ে খুন্দা মৰাৰ ফলত মৃত্যু হয় গায়িকাগৰাকীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ।

ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ প্ৰতিবেদন অনুসৰি টেক্সাছৰ জন সুৰক্ষা বিভাগে জনোৱা মতে, এল পাছ’ চহৰৰ ওচৰত দুখন গাড়ীৰ সংঘৰ্ষত ল’ৰা লিঞ্চৰ মৃত্যু হয়।

জনপ্ৰিয় ‘ডিক্সি চিকছ’ মিউজিক বেণ্ড। ফাইল ফটোঃ সংগ্ৰহীত।

ল’ৰা লিঞ্চে ১৯৯০ চনত ৰবিন লিন মেছি, মাৰ্টি আৰউইন আৰু এমিলি আৰউইনৰ সৈতে ‘ডিক্সি চিকছ’ বেণ্ড গঠন কৰে।

জনপ্ৰিয় ‘ডিক্সি চিকছ’ মিউজিক বেণ্ড। ফাইল ফটোঃ সংগ্ৰহীত।

১৯৯৩ চনত বেণ্ডটো এৰি যোৱাৰ পূৰ্বে গায়কগৰাকীয়ে তিনিটা এলবাম ৰেকৰ্ডিং কৰিছিল।