NORTHEAST NOW (Assamese)
অসম

মহানগৰীত এইবাৰ গেছ পাইপলাইন বিস্ফোৰণঃ মহিলাসহ তিনিজন আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2023 8:03 pm
Guwahati

এইবাৰ পানীৰ পাইপ নহয়, গুৱাহাটী মহানগৰীত এইবাৰ বিস্ফোৰণ ঘটিছে গেছ পাইপলাইনৰ বিস্ফোৰণ।

গুৱাহাটীৰ চন্দ্ৰপুৰ অঞ্চলৰ মেগাজিন ভিআইপি ৰোডত সংঘটিত এই বিস্ফোৰণৰ ফলত এগৰাকী মহিলাকে ধৰি তিনিজন লোক আহত হয়।

পাইপলাইনৰ তত্বাৱধায়ক কোম্পানী ‘পূৰ্ব ভাৰতী’য়ে চলোৱা পৰীক্ষাৰ সময়ত এই বিস্ফোৰণ সংঘটিত হয়।

ঘটনাত আহত লোককেইজনক ক্ৰমে ৰাজু কলিতা, দেৱজিৎ শৰ্মা আৰু ৰীনা টাইড বুলি চিনাক্ত কৰা হৈছে।

আহত তিনিওজনকে তৎকালীন চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়য়লৈ প্ৰেৰণ কৰা হয়।

এই বিস্ফোৰণৰ ফলত সেই স্থানত থকা এখন চাৰিচকীয়া বাহন আৰু এখন অটো ৰিক্সাৰো যথেষ্ট ক্ষতিসাধন হয়।

প্ৰাথমিক তথ্য অনুসৰি পানীৰ সৈতে জড়িত লিক টেষ্টৰ সময়ত গেছ পাইপলাইন হঠাতে ফাটি যোৱাৰ বাবে এই বিস্ফোৰণ হয়।

ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে নুনমাটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।