NORTHEAST NOW (Assamese)
অসম

WTC Points Table: বক্সিং ডে’ টেষ্টত পৰাজিত হৈ ১ৰ পৰা ৫লৈ নামিল ভাৰত; সিংহাসনত দক্ষিণ আফ্ৰিকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 29, 2023 8:13 am

অষ্ট্ৰেলিয়াৰ হাতত শৃংখলাৰ প্ৰথমখন টেষ্টত পাকিস্তান পৰাস্ত হোৱাৰ পাছত ভাৰতে যৌথভাৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল। ইয়াৰ পিছত পাকিস্তানে লেহেমীয়া অভাৰ ৰেটৰ বাবে পইণ্ট হেৰুওৱাত ভাৰতে এককভাৱে লীগ টেবুলৰ শীৰ্ষত উপনীত হয়। কিন্তু ভাৰতে বেছি দিন শীর্ষ স্থান দখল কৰি ৰাখিব নোৱাৰিলে৷ চেঞ্চুৰিয়ানত দক্ষিণ আফ্ৰিকাৰ হাতত বক্সিং ডে’ টেষ্টত পৰাস্ত হৈ টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাৰ পৰা তললৈ নামি গ’ল ভাৰত।

চেঞ্চুৰিয়ান টেষ্টত পৰাস্ত হোৱাৰ পিছত ভাৰতে ৪৪.৪৪ শতাংশ হাৰেৰে ১৬ পইণ্ট লাভ কৰিছে। টেষ্ট চেম্পিয়নশ্বিপৰ অধীনত ভাৰতে তিনিখন মেচ খেলি ১খনত জয়লাভ, এখন ড্ৰ’ আৰু ১খনত পৰাস্ত হয়। ফলত লীগ টেবুলৰ পঞ্চম স্থানলৈ নামি পৰে টীম ইণ্ডিয়া। অৰ্থাৎ ১খন মেচত পৰাস্ত হৈ ভাৰত একৰ পৰা পাঁচলৈ নামি আহিল।

ফটোঃ সংগ্ৰহীত।

চেঞ্চুৰিয়ান টেষ্টত ভাৰতক পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত এক নম্বৰ স্থান দখল কৰে। নতুন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ছিজনত  দক্ষিণ আফ্ৰিকাৰ এইখন প্ৰথম টেষ্ট মেচ। সেয়ে, সেই টেষ্টত প্ৰটিয়াছে জয়লাভ কৰি আৰু ১০০ শতাংশ হাৰত ১২ পইণ্ট সংগ্ৰহ কৰিছে। যিহেতু টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলিষ্ট পইণ্টৰ দ্বাৰা নহয়, সংগ্ৰহ কৰা পইণ্টৰ শতাংশৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়, সেয়েহে দক্ষিণ আফ্ৰিকাই সদ্যহতে লীগ টেবুলৰ শীৰ্ষস্থান দখল কৰিছে।

টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে পাকিস্তানে। ৩খন খেলত ৬১.১১ শতাংশ হাৰত ২২ পইণ্ট লাভ কৰিছে পাকিস্তানে। ২ খন টেষ্টত জয়ী হোৱাৰ বিপৰীতে ১ খন টেষ্ট মেচত পৰাস্ত হয়। যদিও তেওঁলোকৰ পৰা স্লো অভাৰ ৰেটৰ বাবে ২ পইণ্ট কৰ্তন কৰা হৈছে।

নিউজিলেণ্ডে ২খন খেলত ১২ পইণ্ট সংগ্ৰহ কৰিছে। ১ খন টেষ্টত জয়ী হোৱাৰ বিপৰীতে ১ খন টেষ্ট মেচত পৰাস্ত হয়। গতিকে, তেওঁলোকৰ পইণ্ট সংগ্ৰহৰ হাৰ ৫০ শতাংশ। বৰ্তমান টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত তৃতীয় স্থানত আছে দলটো।

ফটোঃ সংগ্ৰহীত।

নিউজিলেণ্ডৰ দৰে বাংলাদেশেও ২খন খেলৰ পৰা ১২ পইণ্ট সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ১ খন টেষ্টত জয়ী হোৱাৰ বিপৰীতে ১ খন টেষ্টত পৰাস্ত হয়। গতিকে, বাংলাদেশৰো পইণ্ট সংগ্ৰহৰ হাৰ ৫০ শতাংশ। অৱশ্যে ঘৰুৱা শৃংখলাৰ পৰা এই পইণ্ট সংগ্ৰহ কৰি লীগ টেবুলৰ চতুৰ্থ স্থানত আছে। বিদেশী শৃংখলাৰ পৰা সমান পইণ্ট সংগ্ৰহ কৰি বাংলাদেশৰ ওপৰত নিউজিলেণ্ডে স্থান লাভ কৰিছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত অষ্ট্ৰেলিয়া ছয় নম্বৰলৈ নামি আহিছে। তেওঁলোকৰ সংগ্ৰহ ৩০ পইণ্ট। তেওঁলোকৰ পইন্ট সংগ্ৰহৰ হাৰ হৈছে ৪১.৬৭ শতাংশ।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত সপ্তম স্থানত আছে ৱেষ্ট ইণ্ডিজ। ২ খন টেষ্টত ১৬.৬৭ শতাংশ হাৰত ৪ পইণ্ট সংগ্ৰহ কৰিছে।

ফটোঃ সংগ্ৰহীত।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত ইংলেণ্ডে ৮ নম্বৰ স্থানত আছে। ৫খন মেচত ১৫ শতাংশ পৰাজয়ৰ সৈতে ৯ পইণ্ট সংগ্ৰহ কৰিছে।

শ্ৰীলংকাই ২ খন খেল খেলি এতিয়াও কোনো পইণ্ট সংগ্ৰহ কৰিব পৰা নাই। ২ খন মেচত পৰাস্ত হৈছে। বৰ্তমান শ্ৰীলংকা টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাৰ তলত ৯ নম্বৰ স্থানত আছে।