আলোচনাপন্থী আলফাৰ সৈতে স্বাক্ষৰিত চুক্তিয়ে আশাৰ বতৰা অনা নাই – চিপিআই(এম)

উগ্ৰপন্থী গোটবোৰৰ সৈতে আলোচনাৰ জৰিয়তে ৰাজ্যত শান্তি প্ৰতিষ্ঠা তথা উন্নয়নৰ গতি ক্ষিপ্ৰতৰ কৰাৰ নামত বিগত এটা যুগ ধৰি আলোচনাপন্থী আলফাৰ সৈতে আলোচনা চলাই থকাৰ পাছত কালি ২৯ ডিচেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলোচনাপন্থীসকলৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনে অসমৰ জনগণৰ বাবে কোনো আশাৰ বতৰা কঢ়িয়াই অনা নাই বুলি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে দৃঢ় মত প্ৰকাশ কৰে।
২০১১ চনৰ পৰা আলোচনাপন্থী গোটটোৱে অস্ত্ৰ সম্বৰণ কৰি চৰকাৰৰ সৈতে বিভিন্ন পৰ্যায়ত আলোচনা কৰাৰ অন্তত স্বাক্ষৰিত চূড়ান্ত চুক্তিখনত অসমৰ কোনো এটা মৌলিক সমস্যাৰে সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে। আনকি চুক্তিখনৰ নামো হ’ল শান্তিচুক্তিৰ সলনি ‘বুজাবুজিৰ চুক্তি’হে। মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে যে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আলোচনাৰ মেজলৈ আহিলেহে শান্তি প্ৰক্ৰিয়া অৰ্থবহ হ’ব। কিন্তু সেয়া নোহোৱাকৈ তথাকথিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ’ল। তেনেহলে ৰাজ্যলৈ শান্তি ঘূৰি আহিব বুলি নিশ্চিত নোহোৱাকৈ কেৱল ৰাজনৈতিক চমক সৃষ্টিৰ বাবে বিজেপি চৰকাৰে এনে চুক্তি সম্পাদন তথা ভেঁকো-ভাওনা কৰিলে নেকি?
অসমৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক বিষয়বোৰ সমাধানৰ ক্ষেত্ৰত চুক্তিখনত সুনিৰ্দিষ্ট কোনো কথাৰ উল্লেখ নাই। আছে কেৱল কিছুমান বিমূৰ্ত তথা অনিশ্চিত প্ৰতিশ্ৰুতি আৰু ৰাজনৈতিক ধুৰ্তালি। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় বিলখন যোৱা প্ৰায় পাঁচবছৰ ধৰি ৰাজ্যসভাত ওলমি আছে। এই গুৰুত্বপূৰ্ণ সমস্যাটো নিৰসনৰ বাবে চুক্তিখনৰ মাধ্যমত ক্ষিপ্ৰ তথা কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ ভাল সুযোগ আছিল। কিন্তু তাৰ বাবে কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰি সমস্যাটো ওলোমাই ৰখা হ’ল। অসমৰ ‘বিশেষ ৰাজ্য’ৰ মৰ্যদা কাঢ়ি নিয়া বিজেপি চৰকাৰৰ পৰা আলোচনাপন্থীসকলে সেই মৰ্যাদাও পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস নকৰিলে। বিদেশী প্ৰব্ৰজন ৰোধ তথা ‘কা’ আইন বাতিল, অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চক ভিত্তি তাৰিখ হিচাপে লৈ ত্ৰুটিমুক্ত এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ, আদি ৰাজনৈতিক বিষয়বোৰ সন্দৰ্ভত চৰকাৰৰ কোনো সুস্পষ্ট অৱস্থান চুক্তিত উল্লেখ নাই। বৰং পূৰ্বৰ স্থিতিকে অকাই-পকাই দোহৰা হৈছে অথবা উচ্চতম ন্যায়ালয়ৰ গাত ভেঁজা দি চৰকাৰ সাৰিব বিচাৰিছে। ‘খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা’ৰ কথা বৰকৈ প্ৰচাৰ কৰি বিভ্ৰান্তি সৃষ্টি কৰিব বিচৰা হৈছে যদিও কোনো সাংবিধানিক কৰ্তৃপক্ষৰ দ্বাৰা ‘খিলঞ্জীয়া’ শব্দ আজিলৈকে সংজ্ঞায়িত নহ’ল।
ৰাজ্যৰ উন্নয়নৰ বাবে অসমত ডেৰ লক্ষ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি কেন্দ্ৰ আৰু ৰাজ্যৰ ‘ডাবল ইঞ্জিন’যুক্ত বিজেপি চৰকাৰৰ মিথ্যাচাৰ আৰু প্ৰতাৰণাৰ দলিল হিচাপে চিহ্নিত হৈ ৰ’ব। ৰাজ্যৰ উন্নয়নৰ বাবে কোনো চুক্তিৰ প্ৰয়োজন নাই। অসমৰ উন্নয়নৰ নামত এনে প্ৰবঞ্চনাপূৰ্ণ প্ৰতিশ্ৰুতি বিজেপি দল আৰু চৰকাৰে পূৰ্বতে বহুবাৰ দিছিল, কিন্তু সকলো ফুটুকাৰ ফেন হ’ল। এইবাৰৰ শান্তি চুক্তিত উন্নয়ন সংক্ৰান্ত যিবোৰ প্ৰতিশ্ৰুতি আকৌ দোহৰা হৈছে, সেইবোৰৰো সৰহভাগতেই ‘বিবেচনা কৰা হ’ব’, ‘পৰীক্ষা কৰা হ’ব’, আদি শব্দ-সম্ভাৰ যুক্ত কৰি প্ৰতিশ্ৰুতি ভংগৰ বাটবোৰ চৰকাৰে মুকলি কৰি ৰাখিছে। আনকি অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাঙি পেলোৱা বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ নামত ব্ৰহ্মপুত্ৰৰ খনন আৰু দুয়োপাৰে ‘এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ, পাঁচ বছৰৰ ভিতৰত ৰাজ্যত ‘বানপানী ইতিহাস’ হ’ব, আদি পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ দূৰৈৰ কথা, এই জ্বলন্ত সমস্যাটোক চুক্তিখনত ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰাও নহ’ল। কেৱল বান সমস্যাক ‘অগ্ৰাধিকাৰ’ দিব বুলি উল্লেখ কৰি থোৱা হ’ল।
চিপিআই(এম) দলে পূৰ্বৰে পৰা দোহাৰি আছে যে এতিয়ালৈ আলোচনাৰ মেজলৈ নহা আলফা (স্বাধীন)ৰ লগত আলোচনাৰ পথ মুকলি কৰিব পাৰিলেহে ৰাজ্যত উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধান সম্ভৱ। উগ্ৰপন্থাৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থাৰ লগতে ৰাজনৈতিক আলোচনাৰ বাবেও চৰকাৰে উদ্যোগ ল’ব লাগিব বুলি পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে সুচিন্তিত মত প্ৰকাশ কৰে।