NORTHEAST NOW (Assamese)
Popular Stories

নতুন বছৰৰ আৰম্ভণিতে প্ৰেমিকৰ সৈতে বিয়াত বহিবলৈ সাজু হৈছে জনপ্ৰিয় অভিনেত্ৰী ৰাকুলপ্ৰীত!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2024 3:44 pm

দক্ষিণ ভাৰতীয় চিনেমাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাকুল প্ৰীত সিং। বলীউডৰ চিনেমাতো তেওঁক দেখা যায়। প্ৰযোজক জেকী ভগনানীৰ সৈতে প্ৰেমত একেবাৰে মচগুল এইগৰাকী অভিনেত্ৰী।

যোৱা বছৰ খবৰ ওলাইছিল যে এই  প্ৰেমিক যুগল বিবাহপাশত আবদ্ধ হ’ব। তাৰ পিছত সকলো কথা হঠাতে আঁৰত লুকাই পৰে। দীঘলীয়া বিৰতিৰ অন্তত গম পোৱা গৈছে যে নতুন বছৰৰ আৰম্ভণিতে ৰাকুল প্ৰীত সিং আৰু জেকী ভগননী বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে।

বাতৰি মতে, ২২ ফেব্ৰুৱাৰীত ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানী বিবাহপাশত আৱদ্ধ হ’ব। গোৱাত অনুষ্ঠিত হ’ব এই বিয়া। অৱশ্যে এই প্ৰেমিক যুগলে অতি ঘৰুৱা আয়োজনেৰে বিবাহ অনুষ্ঠান সম্পূৰ্ণ কৰিব।

জেকী ভগনানীৰ সৈতে ৰাকুল প্ৰীত সিং। ফাইল ফটো।

ৰাকুলৰ প্ৰেমিক জেকীয়ে বিয়াৰ আগতে বেচেলৰ পাৰ্টিত ব্যস্ত আছে। সেই কথা উল্লেখ কৰি সূত্ৰটোৱে কয় যে, ‘জেকীয়ে এতিয়া থাইলেণ্ডৰ বেংককত বেচেলৰ পাৰ্টি কৰি আছে। আমোদজনক কথাটো হ’ল যে ৰাকুল প্ৰীত বৰ্তমান থাইলেণ্ডত ছুটী লৈ আছে।

২০২২ চনত ৰাকুল প্ৰীতৰ জন্মদিনত এই যুগলে জেকীৰ সৈতে সম্পৰ্কৰ খবৰ ৰাজহুৱা কৰিছিল। ইয়াৰ পিছত দুয়োকে বিভিন্ন ঠাইত একেলগে ঘুৰি ফুৰা দেখা গৈছিল।