NORTHEAST NOW (Assamese)
অসম

সৌৰভ কুমাৰ চলিহা অদ্যাৱধি সৃষ্ট বিশাল অসমীয়া গল্প সাহিত্যৰ শ্ৰেষ্ঠ গল্পকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2024 5:33 pm
Saurav Kumar Chaliha Good News Day Apurba Sharma

আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কণ্ঠ সৌৰভ কুমাৰ চলিহাৰ সাহিত্য আৰু ব্যক্তিত্ব চৰ্চাৰ উদ্দেশ্যে কালি পহিলা জানুৱাৰীৰ বিয়লি কটন বিশ্ববিদ্যালয়ৰ এলাম্‌নাই হলত অনুষ্ঠিত হৈছিল ‘ভাল খবৰৰ দিন’ শীৰ্ষক এক অনুষ্ঠান।

এই অনুষ্ঠানৰ বক্তৃতানুষ্ঠানত ‘পঢ়ুৱৈৰ দৃষ্টিৰে সৌৰভ কুমাৰ চলিহাৰ গল্প’ শীৰ্ষক মূল বক্তৃতা প্ৰদান কৰে সমকালীন অসমীয়া সাহিত্যৰ আন এগৰাকী প্ৰধান গল্পকাৰ, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অপূৰ্ব শৰ্মাই৷

নিজ বক্তৃতাত অপূৰ্ব শৰ্মাই কয়, “সাহিত্যৰ জগতত এজন শক্তিশালী স্ৰষ্টাৰূপে তেওঁ আছিল আদ্যান্ত এজন কাহিনী কথক৷ এতিয়া আৰু নিসন্দেহে আৰু নিসংকোচে ক’ব পাৰোঁ যে সৌৰভ কুমাৰ চলিহা অদ্যাৱধি সৃষ্ট বিশাল অসমীয়া গল্প সাহিত্যৰ শ্ৰেষ্ঠ গল্পকাৰ।”

“গল্প ব্যতিৰেক তেওঁৰ অন্যান্য সানমিহলি ৰচনাসমূহক সিবোৰৰ ৰচনা কুশলতা আৰু সামাজিক গুৰুত্ব সত্ত্বেও। সিবোৰক বাদ দিলে দেখা যায় যে তেওঁৰ সৃষ্টিশীল সত্তা আৰু সুকুমাৰ মানস কেৱল আৰু কেৱল গল্পৰ প্ৰতি ঐকান্তিকভাৱে অনুৰক্ত আৰু চূড়ান্তভাৱে নিবেদিত আছিল।”- তেওঁ লগতে কয়।

সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজৰ উদ্যোগত আয়োজিত সভাৰ আৰম্ভণিতে আদৰণী ভাষণ দিয়ে সমাজৰ সভাপতি জেবিন আহমেদে৷ মননশীল তথা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সৌৰভ কুমাৰ চলিহাৰ প্ৰখ্যাত গল্প ’ফটো’ পাঠ কৰে প্ৰসিদ্ধ চিত্ৰ পৰিচালক, আবৃত্তিকাৰ ডাঃ সান্ত্বনা বৰদলৈয়ে৷

অনুষ্ঠানত অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট পাঠক প্ৰয়াত মুনীন্দ্ৰ নাথ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ হৈ পুত্ৰ সঞ্জীৱ বৰুৱাক সম্বৰ্ধনা জনায় অনুৰাগী সমাজৰ হৈ বোধিসত্ত্ব শৰ্মাই৷

বিশিষ্ট শিল্পী, চিত্ৰ সমালোচক নয়ন প্ৰসাদে পৰিচালনা কৰা সভাখনিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অনুৰাগী সমাজৰ সদস্য মুবিনা আখতাৰে৷