NORTHEAST NOW (Assamese)
দেশ

অন্তসত্তা কৰিব পাৰিলে ১৩ লাখ টকা, কৰিব নোৱাৰিলেও পাব  সান্ত্বনা পুৰস্কাৰ : বিহাৰত বৃহৎ জাল প্ৰৱঞ্চকৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 3, 2024 4:05 pm

 

বিহাৰত সংঘটিত হৈছে এক ভয়ানক প্ৰৱঞ্চনাৰ ঘটনা। বিহাৰৰ কেইজনমান যুৱকে খুলিছে এটা সংস্থা। সংস্থাটোৰ নাম দিয়া হৈছে “সৰ্বভাৰতীয় গৰ্ভৱতী চাকৰি সেৱা”। নিঃসন্তান নাৰীক মাতৃত্বৰ সোৱাদ দিয়াৰ নামত যুৱক কেইজনে খুলিছিল এই সংস্থাটো। 

বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত এটা বিজ্ঞাপন প্ৰচাৰ হৈ আছিল। বিজ্ঞাপনটোত দাবী কৰা হৈছিল যে নিঃসন্তান মহিলাক মাতৃত্ব প্ৰদান কৰিব পাৰিলে ১৩ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব। অৱশ্যে এই কামত অসফল হ’লেও ৫ লাখ টকাৰ সান্ত্বনা পুৰস্কাৰ দিয়া হ’ব। যুৱককেইজনে সম্ভাৱ্য ‘পিতৃ’ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনে প্ৰলোভন প্ৰদান কৰিছিল।

তদন্তত আৰক্ষীয়ে জানিব পাৰিলে যে প্ৰৱঞ্চনা চক্ৰৰ লগত জড়িত অভিযুক্তই কেইবাজনো যুৱকৰ পৰা পিতৃত্ব প্ৰদানৰ পঞ্জীয়ন মাচুল হিচাপে লৈছিল ৭৯৯ টকা। ইয়াৰ পিছতে মাতৃত্বৰ সোৱাদ দিব লগা আকৰ্ষণীয’ মহিলাৰ ছবি প্ৰেৰণ কৰা হৈছিল। এই আকৰ্ষণৰ ভিত্তিত এককালীন ধন দিবলৈ কোৱা হৈছিল, যিটো ‘নিৰাপত্তাৰ ধন’ বুলি দাবী কৰা হৈছিল।

বহু যুৱকে এই ফান্দত ভৰি দিছিল। পিছত খবৰটো আৰক্ষীয়ে জানিব পাৰে। বিহাৰ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে এই ঘটনাৰ তদন্ত আৰম্ভ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। 

অভিযুক্তৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাটাও মোবাইল ফোন, এটা প্ৰিণ্টাৰ আৰু আন কিছু ইলেক্ট্ৰনিক সামগ্ৰী।

আৰক্ষী অধীক্ষক কল্যাণ আনন্দই কয় যে এই জালিয়াতিৰ আঁৰত আছে চাইবাৰ প্ৰৱঞ্চকৰ এটা বৃহৎ দল। এই পৰ্যন্ত আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আৰক্ষীয়ে মূল অভিযুক্তক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।