NORTHEAST NOW (Assamese)
Popular Stories

ছবিৰ বাজেট ১৫০০ কোটি! নায়ক মহেশ বাবু, পৰিচালক `বাহুবলী’, `RRR’ৰ খ্যাত ৰাজামৌলি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 3, 2024 3:25 pm

মুক্তিৰ বাবে সাজু হৈছে মহেশ বাবুৰ আগন্তুক ছবি ‘গুন্তুৰ কাৰম’। ছবিখন অহা ১২ জানুৱাৰীত সংক্ৰান্তিৰ দিনা মুক্তি পাবলৈ গৈ আছে। এই ছবিখনৰ জৰিয়তে ত্ৰিবিক্ৰম শ্ৰীনিবাস আৰু মহেশ বাবুৱে বহুদিনৰ মূৰত পুনৰ একত্ৰিত হৈছে। সেয়ে সকলোৰে আগ্ৰহ ‘গুন্তুৰ কাৰম’ ছবিখনৰ প্ৰতি।

মহেশ বাবুৰ পৰৱৰ্তী ছবিক কেন্দ্ৰ কৰি চৰ্চা তীব্ৰতৰ হৈ পৰিছে। নাথাকিবই বা কিয়। এই ছবিখনত এছ এছ ৰাজামৌলিৰ লগত অভিনয় কৰিবলৈ ওলাইছে মহেশ বাবুৱে। কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল ৰাজামৌলিৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ বাজেট।

ৰাজামৌলিৰ ছবি মানেই দৰ্শকৰ প্ৰত্যাশা আৰু বাঢ়ি যায়। কাৰণ, ইয়াৰ পূৰ্বে এই পৰিচালক তথা চলচ্চিত্ৰ নিৰ্মাতাই ‘বাহুবলী’ ফ্ৰেঞ্চাইজি, ‘আৰ আৰ আৰ’ৰ দৰে ব্লকবাষ্টাৰ প্যান ইণ্ডিয়া ছবি দিছে। এইবাৰ আকৌ ৰাজামৌলী আৰু মহেশ বাবু একেলগে একেখন ছবিত।

গতিকে এই প্ৰকল্পক কেন্দ্ৰ কৰি সকলোৰে আশা তুংগত। ইফালে ৰাজামৌলিৰ ছবিখনৰ বাজেট আশাৰ লগত খাপ খুৱাই আকাশলংঘী হ’বলৈ গৈ আছে বুলি শুনা গৈছে। তেলেগু ৩৬০ পৰ্টেলৰ এক প্ৰতিবেদন অনুসৰি ৰাজামৌলীৰ প্ৰকল্পৰ বাজেট ১৫০০ কোটি ধাৰ্য কৰা হৈছে।

দক্ষিণৰ বিখ্যাত প্ৰযোজকগৰাকীয়ে সংবাদমেলত কয় যে ছবিখনৰ বাজেট অবাস্তৱ যেন লাগে যদিও কিছুমান ছবিত ই বাস্তৱ। অৱশ্যে ছবিখনৰ বাজেট সন্দৰ্ভত কোনো কথা প্ৰকাশ নকৰিলে ৰাজামৌলিয়ে। এই জংঘলকেন্দ্ৰিক দুঃসাহসিক ছবিখনত মহেশ বাবুক সম্পূৰ্ণ বেলেগ ৰূপত দেখা যাব।

এতিয়া এই ছবিখনৰ প্ৰডাকচনৰ কাম চলি আছে। বিশ্বৰ তিনিখন দেশত ছবিখনৰ দৃশ্যগ্ৰহণ হৈছে। জনা যায় যে এই দুঃসাহসিক ছবিখনৰ কিছু অংশ আমাজনৰ গভীৰ জংঘলত শ্বুটিং কৰা হৈছে।

আফ্ৰিকাতো শ্বুটিং কৰা হৈছে। দক্ষিণৰ তাৰকাগৰাকীক কেইবাটাও ৰোমাঞ্চকৰ একচন দৃশ্যত দেখা যাব। তাৰ বাবে মহেশ বাবুৱে তিনিমাহ প্ৰশিক্ষণ লৈছে। হলিউডৰ এটা আগশাৰীৰ ষ্টুডিঅ’ই প্ৰযোজক কে এল নাৰায়ণৰ সৈতে সহ-প্ৰযোজক হিচাপে ছবিখনৰ সৈতে যুক্ত হৈছে। ছবিখনৰ সংগীত পৰিচালনা এম এম কিৰবানীৰ।

ৰাজমৌলিৰ প্ৰজেক্ট সন্দৰ্ভত মহেশ বাবুৱে কয়, ‘মোৰ বাবে এই ছবিখন সপোন পূৰণৰ দৰেই। ৰাজমৌলি আৰু মই বহুদিনৰ পৰা একেলগে কাম কৰিবলৈ চেষ্টা কৰি আছিলো। অৱশেষত হ’ল। প্ৰজেক্টটোক লৈ মই সঁচাকৈয়ে উৎসাহিত হৈছো।‘

ছবিখন সৰ্বভাৰতীয় পৰ্যায়ত মুক্তি পাব। গতিকে সকলোৱে অপেক্ষা কৰি আছে ৰাজামৌলিৰ প্যান ইণ্ডিয়া ছবিৰ মুক্তিৰ বাবে।