NORTHEAST NOW (Assamese)
দেশ

গোলাঘাটৰ বাছ দুৰ্ঘটনাত শোক প্ৰকাশ নৰেন্দ্ৰ মোদীৰ, মৃতকৰ পৰিয়াল আৰু আহত সকললৈ সাহায্য ঘোষণা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 3, 2024 2:47 pm

গোলাঘাট জিলাত আজি পুৱাই সংঘটিত হোৱা মৰ্মান্তিক পথ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ ‘এক্স’ৰ দ্বাৰা সমবেদনা জ্ঞাপন কৰিছে।

টুইটটোত আহত সকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছে নৰেন্দ্ৰ মোদীয়ে।

স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে বুলিও টুইটযোগে জনাইছে প্ৰধানমন্ত্ৰীয়ে। 

টু্ইটযোগে আহত সকলক ৫০ হাজাৰ টকা আৰু নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্যও ঘোষণা কৰিছে মোদীয়ে। 

প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে, প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এই সাহায্য প্ৰদান কৰা হ’ব।