NORTHEAST NOW (Assamese)
অসম

দেৰগাঁৱত পুনৰ দুৰ্ঘটনাঃ ৰাজপথত বাগৰি পৰিল গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 8, 2024 6:52 pm
accident in Dergaon

দেৰগাঁৱৰ অভিশপ্ত বাছ দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। এই শোকাৱহ দুৰ্ঘটনাৰ শোকৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই ৰাজ্যবাসী।

তাৰ মাজতে আজি অঞ্চলটোত সংঘটিত হৈছে আন এটা দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হৈ আজি পথৰ মাজতে বাগৰি পৰে এখন ট্ৰাক।

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰেলিঙত খুন্দা মৰাৰ ফলতত এল পি জি চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন বাগৰি পৰা বুলি জানিব পৰা গৈছে।

দেৰগাঁৱৰ সমীপৰ বাদুলিপাৰ অঞ্চলত আজি পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

Dergaon Assam

দুৰ্ঘটনাত পতিত হয় এ এছ-০১-এন চি-৩০৯০ পঞ্জীয়ন নম্বৰৰ চিলিণ্ডাৰ পৰিবাহী ট্ৰাকখন।

ট্ৰাকখনে গোৱালপাৰাৰ পৰা শিৱসাগৰৰ ডিমৌলৈ এল পি জি চিলিণ্ডাৰ কঢ়িয়াই নিয়া বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাত ট্ৰাকখনত থকা লোকসকল কিছুমানে আঘাতপ্ৰাপ্ত হয়।