NORTHEAST NOW (Assamese)
অসম

কুঁৱলীৰ বাবেই দুৰ্ঘটনা, দিল্লী আৰক্ষীৰ দুগৰাকী পৰিদৰ্শক নিহত

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 9, 2024 3:33 pm

শীতকালত বিভিন্ন ৰাজ্যত কুঁৱলীৰ প্ৰাধান্য বৃদ্ধি পাইছে। কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে বিগত কিছুদিন ধৰি কেইবাটাও স্থানত ৰে’ল আৰু বিমান যাতায়তত সমস্যাৰ সৃষ্টি হৈছে। বহু ক্ষেত্ৰত সময়সূচী সলনি কৰা হৈছে।

এইবাৰ কুঁৱলীৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ দিল্লী আৰক্ষীৰ দুগৰাকী আৰক্ষী পৰিদৰ্শকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল।

দুৰ্ঘটনাত পতিত গাড়ীখন। ফটোঃ সংগ্ৰহীত।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ সোণেপাট জিলাত। সোণিপাট জিলাৰ কুণ্ডলী সীমান্তৰ সমীপত ট্ৰাকৰ সৈতে গাড়ীৰ সংঘৰ্ষ হয়।

লগতে পঢ়কঃ ডাঙৰ খৱৰ! কুকুৰৰ মাংসৰ ব্যৱসায় বন্ধ কৰিবলৈ আইন গৃহীত কৰিলে দক্ষিণ কোৰিয়াই

সোমবাৰে নিশা প্ৰায় ১১:৩০ মানত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত পৰিদৰ্শক দুজনৰ নাম দীনেশ বেনিৱাল আৰু ৰণবীৰ চাহাল।

আৰক্ষীৰ সূত্ৰ অনুসৰি দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।