NORTHEAST NOW (Assamese)
Popular Stories

প্ৰায় ১০ ফুট ওখ মানৱ অৱয়বৰ কি এয়া? স্তম্ভিত প্ৰত্যক্ষদৰ্শীঃ চাওক ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 12, 2024 6:25 pm
10-Foot-Tall Human Like Creatures Brazil

সময়ে সময়ে বিশ্বৰ বিভিন্ন প্ৰান্তত বহিঃবিশ্বৰ প্ৰাণী অৰ্থাৎ এলিয়েনক লৈ চলি থাকে সৰস আলোচনা। এলিয়েন প্ৰত্যক্ষ কৰা বুলি চলে গুজৱ। পুনৰ সামাজিক মাধ্যমত আৰম্ভ হৈছে এনে চৰ্চা।

সম্প্ৰতি সামাজিক মআধ্যমত আলোড়নৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত মানুহৰ অৱয়বৰ দুই বিশালকায় জীৱক দেখিবলৈ পোৱা গৈছে। এই দৃশ্য ব্ৰাজিলৰ।

নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, এই দুই অৱয়ব প্ৰায় ১০ ফুট ওখ আৰু দক্ষিণ-পূব ব্ৰাজিলৰ উপকূলৰ পৰা তিনি কিলোমিটাৰতকৈও অধিক দূৰৈৰ দ্বীপ ইলহা ডো মেলত দেখা গৈছিল।

এটা পাহাৰৰ ওপৰত অৱয়ব দুটাক দেখা পোৱাৰ পিছতে স্থানীয় লোকসকলৰ মাজত আতংকৰ। দেখাত মানুহ যেন লাগিলেও অৱয়ব দুটাৰ উচ্চতাৰ বাবে প্ৰত্যক্ষদৰ্শীসকল অৱয়ব দুটা মানুহ বুলি পতিয়ন যোৱা নাই।

ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনৰ মাজত ব্যাপক চৰ্চা চলিছে। পাহাৰৰ ওপৰৰ পৰা এক অৱয়বে খোজকাঢ়ি নামি যোৱা পৰিলক্ষিত হৈছে।

তড়িৎ গতিৰে পাহাৰৰ পৰা নামি যোৱা দৃশ্য দেখি একাংশ নেটিজেনে এয়া এলিয়েন বুলি দাবী কৰিছে। মানুহৰ বাবে এনে গতিৰে পাহাৰৰ পৰা নামি অহা সম্ভৱ নহয় বুলি তেওঁলোকে যুক্তি দিছে।

আনকি ব্ৰাজিলৰ পাৰানাৰ প্ৰাদেশিক চৰকাৰেও ভিডিঅ’টো শ্বেয়াৰ কৰিছে। অৱশে অৱয়ব দুটা সঁচাকৈয়ে এলিয়েনৰ নেকি, সেয়া নিশ্চিত কৰা হোৱা নাই।

লক্ষণীয়ভাৱে, শেহতীয়াকৈ আমেৰিকাৰ মিয়ামিতো ১০ ফুট ওখ এনে এক অৱয়বে খোজ কাঢ়ি যোৱা বুলি দাবী কৰি একাংশ লোকে এক ভিডিঅ’ শ্বেয়াৰ কৰিছিল।