NORTHEAST NOW (Assamese)
দেশ

প্ৰায় নিশ্চিত! কংগ্ৰেছ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেই ল’ব INDIA মিত্ৰজোঁটৰ নেতৃত্ব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 13, 2024 7:50 pm
INDIA bloc

দিন চমু চাপি অহাৰ লগে লগেই আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয়ৰে মাজত বৃদ্ধি পাইছে তৎপৰতা। নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতিত নামি পৰিছে উভয় পক্ষ।

বিশেষকৈ বিজেপিক তৃতীয়টো কাৰ্যকালৰ পৰা ৰুধিবলৈ বিৰোধীয়ে পূৰ্ণ প্ৰস্তুতি চলাইছে। সেই উদ্দেশ্যে উমৈহতীয়া মিত্ৰজোঁট INDIAৰ অধীনত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছে বিৰোধী।

বিৰোধীৰ এই উমৈহতীয়া মিত্ৰজোঁটৰ নেতৃত্ব কোনে ল’ব, সেই সন্দৰ্ভত যথেষ্ট জল্পনা-কল্পনা চলি আছে। এনে চৰ্চাৰ মাজতে আলোচনাৰ অন্তত কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেক INDIAৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

অৱশ্যে এই বিষয়ত INDIA মিত্ৰজোঁটে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো নেতৃত্বৰ অন্যতম এগৰাকী প্ৰধান চৰ্চিত নেতা আছিল।

কিন্তু আজিৰ বৈঠকত তেওঁ কংগ্ৰেছৰ কোনো নেতাই এই দায়িত্ব ল’ব লাগে বুলি মন্তব্য কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ পিছত কুমাৰক মিত্ৰজোঁটৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়াৰো প্ৰস্তাৱ দিয়া হৈছিল।

পিছে নীতিশ কুমাৰে তেওঁৰ এই পদৰ প্ৰতিও কোনো বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল বুলি জানিব পৰা গৈছে। আজিৰ বৈঠকত তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ বাহিৰে সকলো দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।