NORTHEAST NOW (Assamese)
দেশ

দেওবাৰে পুনৰ শপত ল’ব নীতিশ কুমাৰে! বিজেপিলৈ উপ-মুখ্যমন্ত্ৰীৰ পদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2024 2:57 pm
Nitish Kumar

আকস্মিক পট পৰিৱৰ্তনেৰে ৰাজনৈতিক গতি-বিধিত আউল লগোৱা নীতিশ কুমাৰে অহা দেওবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰিব পাৰে।

লালু প্ৰসাদ যাদৱৰ আৰজেডিৰ সংগ এৰি পুনৰ বিজেপিৰ কাষ চপা নীতিশ কুমাৰে দেওবাৰে সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

নীতিশ কুমাৰৰ জেডি (ইউ)ক সমৰ্থনৰ বিজেপিয়ে উপ-মুখ্যমন্ত্ৰীৰ পদবী লাভ কৰিব বুলি লাভ কৰিব প্ৰায় নিশ্চিত কৰিছে সূত্ৰই।

প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঞ্জি আৰু তেওঁৰ হিন্দুস্তান আৱাম মৰ্চা দলো এই চৰকাৰৰ অংশীদাৰ হ’ব পাৰে বুলি চৰ্চা চলিছে।

অৱশ্যে এই সন্দৰ্ভত মাঞ্জিয়ে এতিয়ালৈকে দিয়া নাই কোনো নিশ্চিতি। এই নতুন চৰকাৰ গঠন হ’লেও অৱশ্যে এই সময়ত বিহাৰ বিধানসভা ভংগ নহ’ব বুলিও সূত্ৰই প্ৰকাশ কৰিছে।