NORTHEAST NOW (Assamese)
অৰুণাচল

প্ৰকৃতিৰ বিনন্দীয়া ৰূপঃ টাৱাঙে পিন্ধিলে শুভ্ৰ আভৰণ, চাওক কিছু মনোমোহা দৃশ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2024 1:00 pm
Tawang Arunachal Pradesh

প্ৰাকৃতিক সৌন্দৰ্যৰ অবৰ্ণনীয়, আটকধুনীয়া পৰিৱেশেৰে সমৃদ্ধিশালী উত্তৰ পূবৰ পাহাৰীয়া ৰাজ্য অৰুণাচল।

বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশৰ বাবে অৰুণাচল প্ৰদেশ সদায়ে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

বিশেষকৈ শীতকালত অধিক মনমোহা ৰূপেৰে উদ্ভাসিত হৈ উঠে এই পাহাৰীয়া ৰাজ্যখন।

অৰুণাচল প্ৰদেশৰ এনে মনোমোহা সৌন্দৰ্যৰ এক উল্লেখনীয়া চহৰ হৈছে টাৱাং।

শীতৰ পোচাকেৰে আজি এই চহৰখন হৈ পৰিছে চালে চকুৰোৱা।

প্ৰচুৰ তুষাৰপাতৰ বাবে সমগ্ৰ টাৱাং চহৰখনেই আজি প্ৰায় শুকুলা হৈ পৰিছে। অৰুণাচল প্ৰদেশৰ পাহাৰীয়া চহৰ টাৱাঙৰ তাপমাত্ৰা আৰু হ্ৰাস পাইছিল যিহেতু ইয়াত প্ৰচুৰ তুষাৰপাত হৈছিল।

শুভ্ৰ আভৰণেৰে আজি সজ্জিত হৈ পৰা টাৱাঙৰ কিছু দৃশ্য চাওকঃ