NORTHEAST NOW (Assamese)
অসম

ৰাহুল গান্ধীৰ বিৰুদ্ধে ৯ টা ধাৰাত ৰুজু হৈছে গোচৰ, এক্স হেণ্ডেলত জনানে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2024 12:50 pm
ৰাহুল গান্ধীৰ বিৰুদ্ধে ৯ টা ধাৰাত ৰুজু হৈছে গোচৰ, এক্স হেণ্ডেলত জনানে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে

অসমত ৰাহুল গান্ধীৰ ‘ভাৰত জুড়ো ন্যায় যাত্ৰা’ কাৰ্যসূচীৰ সময়ত গুৱাহাটীত আৰক্ষীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ সংঘৰ্ষ হোৱা সন্দৰ্ভত গান্ধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। 

ভাৰতীয় দণ্ডবিধিৰ ৯টা ধাৰাত এজাহাৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত দাঙ্গা, অবৈধ সমাৱেশ আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগো আছে। 

বৃহস্পতিবাৰে এই গোচৰটো অসম চি আই ডিলৈ প্ৰেৰণ কৰা হয়। অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক্সহেণ্ডেলত এই কথা সদৰী কৰে। ঘটনাৰ সম্যক তদন্তৰ বাবে এখন SIT গঠন কৰা হৈছে বুলিও তেওঁ কয়।

লোকসভা নিৰ্বাচনৰ পিছত গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী – বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰিছিল – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, “তেওঁ যদি ৩ হাজাৰ লোক আৰু ২০০ বাহন লৈ গুৱাহাটীত প্ৰৱেশ কৰিলেহেঁতেন তেন্তে আমি সহজেই কল্পনা কৰিব পাৰো যে পৰিস্থিতি কেনে হ’লহেঁতেন।