NORTHEAST NOW (Assamese)
অসম

পশ্চিমবংগত প্ৰৱেশ কৰিয়েই অসমবাসীক ধন্যবাদ ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2024 11:46 am

ভাৰত জোড়ো ন্যায় যাত্ৰাত ভাগ লৈ উজনিৰ পৰা নামনিলৈ ৮ দিন একেৰাহে অসমত কটোৱাৰ অন্তত অসমৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাহুল গান্ধী।

অসমৰ যাত্ৰা সামৰি বৃহস্পতিবাৰে পশ্চিমবংগত প্ৰৱেশ কৰিয়েই এইকেইদিনত অসমবাসীয়ে জনোৱা অভূতপূৰ্ব সঁহাৰিৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। একেদৰে মাইক্ৰ’ব্লগিং ছাইট ‘এক্স’ (টুইটাৰ)যোগেও অসমৰ ৰাইজক ধন্যবাদ জনাইছে ৰাহুল গান্ধীয়ে।

এক টুইটত ৰাহুল গান্ধীয়ে অসমৰ প্ৰতিজন লোককে ধন্যবাদ জনাই কয় যে অসম হৈছে মৰম-চেনেহ, আদৰ-সন্মান আৰু প্ৰেম-দয়াৰে পৰিপূৰ্ণ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ধুনীয়া ৰাজ্য। একেসময়তে তেওঁ ঘৃণা আৰু হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে সজোৰে থিয় দিয়া ১০০ গৰাকী বিশিষ্ট ব্যক্তিকো কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত লখিমপুৰ, শোণিতপুৰ, নগাঁও আৰু গুৱাহাটীত শাসকপক্ষৰ উচটনিত একাংশ লোক তথা আৰক্ষীয়ে বাধা প্ৰদানৰ চেষ্টা কৰিছিল। ৰাজ্যখনৰ ১০০ গৰাকী বিশিষ্ট ব্যক্তিয়ে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি শাসক পক্ষৰ এনে কাৰ্যক গৰিহণা জনোৱাৰ লগতে এনে কাৰ্যক নিন্দনীয় আখ্যা দিছিল। আজিৰ টুইটটোত ৰাহুল গান্ধীয়ে অসমৰ সাতামপুৰুষীয়া ঐক্য-সংহতি বজাই ৰখাৰ স্বাৰ্থত মাত মতা বিশিষ্ট ব্যক্তিসকলৰ জ্ঞান-গৰিমাৰ লগতে তেওঁলোকৰ দূৰদৃষ্টিকো আন্তৰিক ধন্যবাদ জনাইছে।