NORTHEAST NOW (Assamese)
অসম

বিজেপিত যোগ দিব কংগ্ৰেছৰ আন কেইবাজনো নেতাই! দাবী পীযুষ হাজৰিকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2024 7:23 pm
Assam Congress BJP

কালি শাসকীয় ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে দুই কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত আৰু বিস্মিতা গগৈয়ে। এই দুই নেত্ৰীৰে পথ বুলিবলৈ সাজু হৈছে অসম কংগ্ৰেছৰ আন কেইজনমান নেতা!

আজি ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰিকাই কৰিছে এই দাবী। তেওঁৰ দাবী, অসমৰ আৰু কেইবাজনো কংগ্ৰেছ নেতাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ সাজু হৈছে।

সংবাদ মাধ্যমৰ আগত বিজেপি নেতাগৰাকীয়ে উল্লেখ কৰা মতে অহা পাঁচ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ কেইবাজনো আগশাৰীৰ নেতাই বিজেপিত যোগদান কৰিব।

ভাৰতীয় জনতা দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰা এনে বহু নেতাৰ পৰা প্ৰতিদিনে তেওঁলোকলৈ ফোন আহে বুলিও দাবী কৰে পীযুষ হাজৰিকাই।

উল্লেখ্য যে, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত আৰু প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে কালি অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

তদুপৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দিপাংক নাথ আৰু প্ৰাক্তন উপ-সভাপতি প্ৰকাশ দাসেও কালি একেটা অনুষ্ঠানতে বিজেপিত যোগদান কৰে।

এই যোগদান অনুষ্ঠানত পীযুষ হাজৰিকাও উপস্থিত থাকে। অনুষ্ঠানটোৰ এদিন পিছতে আজি বিজেপি নেতাগৰাকীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।