NORTHEAST NOW (Assamese)
অসম

ইমান টকা কাৰ! ছত্তীশগড়ত গাড়ীৰ পৰা উদ্ধাৰ ২ কোটি ৬৪ লাখ টকা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 31, 2024 4:49 pm

এখন গাড়ীৰ পৰা উদ্ধাৰ হৈছে কোটি কোটি টকা। ছত্তীশগড়ৰ দুৰ্গ জিলাত সংঘটিত হৈছে এই ঘটনা।

উক্ত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে নিৰ্দিষ্ট নম্বৰৰ এখন গাড়ীত তালাচী চলায়। ইয়াৰ পিছতে গাড়ীখনৰ পৰা ২ কোটি ৬৪ লাখ টকা উদ্ধাৰ কৰা হয়।

ৰাজ্যখনৰ ভিলাই আৰক্ষী আৰু চাইবাৰ ক্ৰাইম ইউনিটৰ এটা দলে এই বিশেষ অভিযান চলায়।

লগতে পঢ়কঃ শিহৰণকাৰী ঘটনা! নাবালিকাক ধৰ্ষণ কৰি হত্যা; বৰপেটাত গ্ৰেপ্তাৰ হ’ল ১৭ বছৰীয়া কিশোৰ

এই ঘটনাৰ বাবে আয়কৰ বিভাগৰ বিষয়াসকলে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে এই ধন সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা তিনিজনৰ পৰা কোনো উত্তৰ পোৱা নাই।

এই ধন কিয় ছত্তীশগড়লৈ অনা হ’ল? ইয়াৰ আঁৰত কোন আছে? সেইটোৱেই এতিয়া তদন্তকাৰী বিষয়াসকলৰ মূল প্ৰশ্ন হৈ পৰিছে।